টেষ্ট ক্ৰিকেটত অনন্য মাইলষ্টোন কেন উইলিয়ামছনৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ নৱেম্বৰঃ নিউজিলেণ্ড আৰু ইংলেণ্ডৰ মাজত চলি হৈছে তিনিখন টেষ্টৰ শৃংখলা। ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট মেচত নিউজিলেণ্ডৰ বেটছমেন কেন উইলিয়ামছনে প্ৰথম ইনিংছত এক উজ্জ্বল ইনিংছ খেলিছিল। যাৰ বাবে উইলিয়ামছনে এক ডাঙৰ ইতিহাসৰ সৃষ্টি কৰিছে, যিটো আজিলৈকে নিউজিলেণ্ডৰ কোনো খেলুৱৈয়ে কৰিব পৰা নাই। ইংলেণ্ডৰ বিৰুদ্ধে খেলা টেষ্ট মেচখনত নিউজিলেণ্ডৰ অভিজ্ঞ বেটছমেন কেন উইলিয়ামছনে ৯০০০ ৰান সম্পূৰ্ণ কৰি ইতিহাসৰ সৃষ্টি কৰে। এই কৃতিত্ব অৰ্জন কৰা নিউজিলেণ্ডৰ প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হৈছে উইলিয়ামছন। দ্বিতীয় ইনিংছত ২৬ ৰান সংগ্ৰহ কৰি তেওঁ এই কৃতিত্ব অৰ্জন কৰে। ৯০০০ ৰান সম্পূৰ্ণ কৰি কেন উইলিয়ামছনে নিউজিলেণ্ডৰ টেষ্ট ক্ৰিকেটৰ ইতিহাসত সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছে। দ্বিতীয় নম্বৰত আছে ৰছ টেইলৰ। ১১২খন টেষ্ট মেচত গড়ে ৪৪.৬৬ ৰানেৰে ৭৬৮৩ ৰান সংগ্ৰহ কৰিছে। ইয়াৰ পিছত ষ্টিফেন ফ্লেমিং তিনি নম্বৰত আছে। ফ্লেমিঙে ১১১খন টেষ্ট মেচত গড়ে ৪০.০৬ ৰানত ৭১৭২ ৰান সংগ্ৰহ কৰিছে। কেন উইলিয়ামছনে ১৮২ ইনিংছত এই ঐতিহাসিক কৃতিত্ব অৰ্জন কৰে। টেষ্ট ক্ৰিকেটত সৰ্বাধিক দ্ৰুত ৯০০০ ৰান সংগ্ৰহ কৰা বেটছমেনৰ তালিকাত তেওঁ অষ্টম স্থানত আছে। প্ৰথম নম্বৰত আছে কুমাৰ ছাংগাকাৰা। তেওঁ ১৭২ ইনিংছত ৯০০০ টেষ্ট ৰান সংগ্ৰহ কৰিছে। দ্বিতীয় স্থানত আছে ১৭৪খন টেষ্ট ইনিংছত এই কৃতিত্ব অৰ্জন কৰা ষ্টিভ স্মিথ। তিনি নম্বৰত আছে ৰাহুল দ্ৰাবিড়। ১৭৬ টা টেষ্ট ইনিংছত ৯০০০ ৰান সংগ্ৰহ কৰিছে।