নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিলচৰ-আইজল ৰাষ্ট্ৰীয় পথত ভয়ংকৰ দুর্ঘটনাত নিহত যুৱক

নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰ : শিলচৰ-আইজল ৩০৬নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুর্ঘটনাত এজন যুৱক নিহত হোৱাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। এখন বন্ধ ট্ৰাকৰ পিছফালে এখন বাইকে খুন্দা মৰাৰ ফলত প্ৰাণ হেৰুৱায় এজন যুৱকে। কালি নিশা প্ৰায় ১০.৩০ মিনিট বজাত ভাগাবাজাৰ বাম বিদ্যাপীঠ হাইস্কুলৰ সন্মুখত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা। স্থানীয় ৰাইজে জনোৱা মতে, মিজোৰাম অভিমুখী এখন ১২ চকীয়া ট্ৰাক ৰখাই থোৱা আছিল। সেই সময়ত ভাগাবজাৰৰ পৰা লাইলাপুৰ অভিমুখে গৈ থকা এজন বাইক আৰোহীয়ে ট্ৰাকখনৰ পিছফালে খুন্দা মাৰে। প্রচন্ড শব্দ শুনি চুবুৰীৰ মানুহ আগবাঢ়ি আহি লগে লগে যুৱকজনক উদ্ধাৰ কৰি ধলাই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায়। পিছে তাৰ পৰা শিলচৰ মেডিকেল কলেজ হাসপাতালৰলৈ যাওঁতে পথত যুৱকজনৰ মৃত্যু হয়। ইফালে আৰক্ষীয়ে ঘটনাস্থলীলৈ উপস্থিত হৈ গাড়ী দুখনক জিম্মাত ল’বলৈ চেষ্টা কৰিলে উত্তেজিত কিছুমান যুৱকে বাধা প্ৰদান কৰে । বিশ লাখ টকাৰ ক্ষতিপূৰণৰ লগতে জিলা প্ৰশাসন আৰু আৰক্ষী অধীক্ষকক ঘটনাস্থলীত আহিবলৈ দাবী জনায়। পথ অৱৰোধ কৰিবলৈ চেষ্টা কৰে উত্তেজিত ৰাইজে। ৰাষ্ট্ৰীয় ঘাইপথত চলি থকা কেইবাখন বাহনত শিলগুটি নিক্ষেপ কৰে। ধলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই প্রায় ডেৰ ঘন্টাৰ পিছত পৰিস্থিতি নিয়ন্ত্রণ আনে।

প্ৰেৰক গৌতম তালুকদাৰ

You might also like