নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইনষ্টাগ্রামত সর্বাধিক অনুৰাগীৰে অভিলেখ কোহলিৰ

নিয়মীয়া বাৰ্তা ৩ মাৰ্চঃ জনপ্রিয় ছ’চিয়েল মিডিয়া প্লেটফর্ম ইনষ্টাগ্রামত ১০০ মিলিয়ন অনুৰাগী থকা বিশ্বৰ প্রথমগৰাকী ক্রিকেটাৰ হিচাপে পৰিগণিত হৈছে বিৰাট কোহলি৷ টীম ইণ্ডিয়াৰ অধিনায়কগৰাকীয়ে ইনষ্টাগ্রামত ১০০ মিলিয়ন অনুৰাগী অতিক্রম কৰা প্রথমগৰাকী ক্রিকেটাৰ বুলি আই চি চিয়ে   টুইটাৰত প্রকাশ কৰিছে৷

উল্লেখ্য যে ইনষ্টাগ্রামত চতুর্থ সর্বাধিক অনুৰাগী থকা ক্রীড়াবিদ হিচাপেও কোহলিয়ে অভিলেখ স্থাপন কৰিবলৈ সক্ষম হৈছে৷ পর্তুগালৰ ছুপাৰ ষ্টাৰ ক্রিষ্টিয়ানো ৰ’নাল্ডো ২৬৫ মিলিয়ন অনুৰাগীৰে এই তালিকাৰ শীর্ষত আছে৷ আর্জেণ্টিনাৰ ফুটবল তাৰকা লি’নেল মেছি আৰু ব্রাজিলৰ তাৰকা ষ্ট্রাইকাৰ নেইমাৰৰ ইনষ্টাগ্রামৰ অনুৰাগীৰ সংখ্যা হ’ল ক্রমে ১৮৬ মিলিয়ন আৰু ১৪৭ মিলিয়ন৷ ৰ’নাল্ডো, মেছি আৰু নেইমাৰৰ পিছতে এই তালিকাত অন্তর্ভুক্ত হৈছে ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলি৷ উল্লেখ্য যে বিগত দুবছৰ ধৰি টীম ইণ্ডিয়াৰ অধিনায়কগৰাকী ভাৰতৰ সর্বাধিক ইনষ্টাগ্রাম ফল’ৱাৰ থকা ব্যক্তি হিচাপে চিহ্ণিত হৈ আছে৷

You might also like