নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধোনিৰ উত্তৰসূৰী কোন? ব্ৰায়ান লাৰাই দিলে সমিধান…

নিয়মীয়া বাৰ্তা, ৮ অক্টোবৰঃ ভাৰতীয় ক্ৰিকেট টীমৰ সফল অধিনায়ক মহেন্দ্ৰ সিং ধোনিয়ে অৱসৰ লোৱাৰ পিছত স্বাভাৱিকতে উঠা এটা প্ৰশ্ন হ’ল ধোনিৰ উত্তৰসূৰী কোন হ’ব? লোকেশ ৰাহুল, সঞ্জু ছেমছন নে ঋষপ পণ্ট?

এই বিষয়ে মত দিছে জনপ্ৰিয় কেৰিবিয়ান ক্ৰিকেটাৰ ব্ৰায়ান লাৰাই। কে ৰাহুল প্ৰসংগত লাৰাৰ মত-  ‘ভাৰতীয় দলত কীপাৰ হিচাপে লোকেশ ৰাহুলক ভবাটো উচিত নহয়। ৰাহুল বেটিঙত সক্ষম ক্ৰিকেটাৰ, তেওঁ বেটিঙতে মনোযোগ দিয়া দৰকাৰ।’

সঞ্জু ছেমছন সম্পৰ্কে লাৰাই কয় যে ছেমছন ভাল বেটছমেন, বলাৰক চম্ভালিব পৰা সামৰ্থ্যৰ অধিকাৰী। কিন্তু ব্ৰায়ান লাৰাৰ তুলাচনীত উঠিল কেৱল ঋষপ পণ্ট।

পণ্ট সম্পৰ্কে লাৰাৰ মত- ‘এবছৰ আগেয়ে পণ্টৰ ওপৰত মোৰ চকু পৰিছিল। এতিয়া মই আত্মবিশ্বাসী তেওঁক লৈ। আগতকৈ অনেক ভাল প্ৰদৰ্শন কৰা দেখা গৈছে তেওঁক। এটা ডাঙৰ ইনিংছ খেলাৰ সামৰ্থ্য আছে পণ্টৰ। এই ধাৰাবাহিকতা পণ্টে অক্ষুণ্ণ ৰাখিব পাৰিলে ভৱিষ্যতে এক নম্বৰলৈ উন্নীত হ’ব পাৰে ঋষপ পণ্ট।’

You might also like