আইপিএলত আজি ৰাজস্থানৰ সন্মুখত লক্ষ্ণৌ, প্লে’অফত প্ৰৱেশৰ লক্ষ্য ৰিয়ান বাহিনীৰ
ডিজিটেল ডেস্ক, ১৯ মে’ : আই পি এল ২০২৬ত আজি ৰাজস্থান ৰয়েলছ আৰু লক্ষ্ণৌৰ মাজত এখন গুৰুত্বপূৰ্ণ মেচ অনুষ্ঠিত হ’ব। জয়পুৰস্থিত ছৱাই মানসিং ষ্টেডিয়ামত সন্ধিয়া ৭:৩০ বজাৰ পৰা খেলখন আৰম্ভ হ’ব। লক্ষ্ণৌ ইতিমধ্যে আনুষ্ঠানিকভাৱে প্লে’অফৰ দৌৰৰ পৰা বাহিৰ হৈছে যদিও আজি জয়ী হৈ দলটোৱে ৰাজস্থানৰ প্লে’অফত প্ৰৱেশৰ পথত হেঙাৰ সৃষ্টি কৰিব পাৰে। বিশেষকৈ মহম্মদ ছামি আৰু ৰাজস্থান ৰয়েলছৰ অপেনাৰসকলৰ মাজত হ’বলগীয়া ৰোমাঞ্চকৰ যুঁজে মেচৰ দিশ নিৰ্ধাৰণ কৰিব পাৰে।
ৰাজস্থান ৰয়েলছে আজি জয়লাভ কৰিলে টপ-৪ত প্ৰৱেশ পথ মসৃণ হৈ পৰিব। ৰিয়ান পৰাগ নেতৃত্বাধীন দলটোক প্লে’অফত উপনীত হ’বলৈ আন কোনো মেচৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। নিজৰ অৱশিষ্ট দুয়োখন মেচ জিকিলেই দলটোৱে কোৱালিফাই কৰিব।
আজি মেচ অনুষ্ঠিত হ’বলগীয়া ছৱাই মানসিং ষ্টেডিয়ামত IPLৰ মুঠ ৬৭খন মেচ অনুষ্ঠিত হৈছে। আনহাতে, IPL ২০২৬ত এই গ্ৰাউণ্ডত এতিয়ালৈকে ৩খন মেচ অনুষ্ঠিত হৈছে আৰু ইয়াৰে ৫টা ইনিংছত ২০০ৰ অধিক ৰান উঠিছে। এইখন গ্ৰাউণ্ডত টছ জিকাটো অত্যন্ত গুৰুত্বপূৰ্ণ, কিয়নো প্ৰথমে বেটিং কৰা দলৰ বাবে জয় কঠিন হৈ আহিছে। দ্বিতীয় ইনিংছত বলিং কৰাটো আৰু অধিক প্ৰত্যাহ্বানজনক হ’ব। এইখন পিটচত গতিৰে বেটছমেনক বিশেষ সমস্যাত পেলাব নোৱাৰি। এনে পৰিস্থিতিত ফৰ্মত থকা মহম্মদ ছামিৰ ওপৰত গুৰু দায়িত্ব থাকিব, যাতে তেওঁ পাৱাৰপ্লেতেই ৰাজস্থানৰ অপেনিং বেটছমেনক আউট কৰিব পাৰে।