নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মধুচংকাৰ পেশীৰ আঘাত : আইপিএলৰ পূৰ্বে মুম্বাই ইণ্ডিয়ানছত আঘাত

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ মাৰ্চঃ বাংলাদেশৰ বিৰুদ্ধে চলি থকা এদিনীয়া শৃংখলাত আঘাতৰ বাবে খেলিব নোৱাৰিব শ্ৰীলংকাৰ বলাৰ দিলছন মধুচংকাই। মুম্বাই ইণ্ডিয়ানে ৪.৬০ কোটি টকাত ক্ৰয় কৰিছিল মধুচংকাক। এতিয়া আই পি এল ২০২৪ত তেওঁৰ খেলক লৈ সন্দেহৰ সৃষ্টি হৈছে। আঘাতৰ বাবে মধুচংকাই ৰিহাবত কাম কৰিব। শ্ৰীলংকা ক্ৰিকেটে তেওঁৰ সন্দৰ্ভত তথ্য শ্বেয়াৰ কৰিছে। কিন্তু এতিয়ালৈকে মধুচংকা সন্দৰ্ভত মুম্বাই ইণ্ডিয়ান বা আই পি এলৰ পৰা কোনো সঁহাৰি পোৱা নাই। আচলতে বাংলাদেশ আৰু শ্ৰীলংকাৰ মাজত এদিনীয়া শৃংখলা চলি আছে। এই শৃংখলাৰ দ্বিতীয়খন খেলৰ সময়ত আঘাতপ্ৰাপ্ত হৈছিল মধুচংকা। তেওঁৰ পেশীবোৰ টান হৈ পৰিছিল। ইয়াৰ বাবেই মধুচংকাই খেলখন সমাপ্ত হোৱাৰ আগতেই খেলপথাৰ এৰিব লগা হৈছিল। এতিয়া শ্ৰীলংকা ক্ৰিকেটে তেওঁৰ সন্দৰ্ভত তথ্য শ্বেয়াৰ কৰিছে। শ্ৰীলংকা ক্ৰিকেটে টুইটাৰযোগে লিখিছে যে দিলছন মধুচংকাই আঘাতৰ বাবে ভৱিষ্যতৰ মেচত খেলিব নোৱাৰিব। তেওঁ ৰিহাবৰ কাম কৰিব। মুম্বাই ইণ্ডিয়ানছৰ বাবে মধুচংকাৰ আঘাত ডাঙৰ আঘাত। তেওঁ ফৰ্মত আছিল আৰু বহুবাৰ মাৰাত্মকভাৱে বলিং কৰিছিল। মুম্বাই ইণ্ডিয়ানছে তেওঁক ৪.৬০ কোটি টকাত ক্ৰয় কৰিছিল। আনহাতে মধুচংকাৰ ভিত্তি মূল্য আছিল ৫০ লাখ টকা। এইটো আছিল তেওঁৰ অভিষেক আই পি এল ছিজন। কিন্তু এতিয়া খেলা-ধূলাক লৈ সন্দেহৰ সৃষ্টি হৈছে। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ বা মুম্বাই ইণ্ডিয়ানছে মধুচংকা সন্দৰ্ভত এতিয়ালৈকে কোনো তথ্য শ্বেয়াৰ কৰা নাই।

You might also like