আইপিএল ইতিহাসৰ আটাইতকৈ ডাঙৰ পৰাজয় মুম্বাই ইণ্ডিয়ানছৰ
চেন্নাই ছুপাৰ কিংছে মুম্বাই ইণ্ডিয়ানছক ১০৩ ৰানত পৰাজিত কৰিছে। এইটো ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL)ৰ ইতিহাসত চেন্নাইৰ আটাইতকৈ ডাঙৰ জয় আৰু মুম্বাইৰ আটাইতকৈ ডাঙৰ পৰাজয়। মুম্বাই দলটো নিজৰ ঘৰুৱা মাটিত খেলি আছিল যদিও, চেন্নাইয়ে ৱাংখেড়ে ষ্টেডিয়ামত খেলি মুম্বাইক তেওঁলোকৰ নিজা ঘৰতে সম্পূৰ্ণৰূপে পৰাস্ত কৰিলে। CSKয়ে প্ৰথমে বেটিং কৰি ২০৭ ৰান সংগ্ৰহ কৰে, য’ত সঞ্জু ছেমছনৰ শতকৰ ইনিংছ অন্তৰ্ভুক্ত আছিল। উত্তৰত মুম্বাই দলটো পূৰ্ণ ২০ অভাৰো খেলিব নোৱাৰি মাত্ৰ ১০৪ ৰানতে অলআউট হৈ পৰে।
চেন্নাই ছুপাৰ কিংছে আইপিএলত মুম্বাই ইণ্ডিয়ানছক ৰানৰ আটাইতকৈ ডাঙৰ ব্যৱধানত পৰাস্ত কৰাৰ ৰেকৰ্ড স্থাপন কৰিছে। ইয়াৰ আগতে আইপিএলত মুম্বাইৰ আটাইতকৈ ডাঙৰ পৰাজয় আছিল ৮৭ ৰান, যিটো ২০১৩ চনত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে হৈছিল। চেন্নাইৰ বিৰুদ্ধেও মুম্বাইৰ আগৰ আটাইতকৈ ডাঙৰ পৰাজয় আছিল ৪৮ ৰান, কিন্তু এইবাৰ CSKয়ে সেই ৰেকৰ্ড ভাঙি ১০৩ ৰানত জয় লাভ কৰে।
ইয়াও চেন্নাই ছুপাৰ কিংছৰ আইপিএলত ৰানৰ হিচাপত আটাইতকৈ ডাঙৰ জয়। ইয়াৰ আগতে CSKৰ আটাইতকৈ ডাঙৰ জয় আছিল ৯৭ ৰান, যিটো ২০১৫ চনত কিংছ ইলেভেন পঞ্জাব (বৰ্তমান পঞ্জাব কিংছ)ৰ বিৰুদ্ধে আহিছিল।
মুম্বাইৰ আটাইতকৈ ডাঙৰ পৰাজয় (ৰানত)
- ১০৩ ৰান – চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে
- ৮৭ ৰান – ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে
- ৮৫ ৰান – ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে
CSKৰ আটাইতকৈ ডাঙৰ জয় (ৰানত)
- ১০৩ ৰান – মুম্বাই ইণ্ডিয়ান্সৰ বিৰুদ্ধে
- ৯৭ ৰান – পঞ্জাব কিংছৰ বিৰুদ্ধে
- ৯৩ ৰান – দিল্লী কেপিটেলছৰ বিৰুদ্ধে
চেন্নাই ছুপাৰ কিংছৰ জয়ৰ দুটা আটাইতকৈ ডাঙৰ নায়ক আছিল। প্ৰথমে সঞ্জু ছেমছনে তেওঁৰ আইপিএল কেৰিয়াৰৰ পঞ্চম শতক অৰ্জন কৰে। তেওঁ ৫৪টা বলত ১০১ ৰান সংগ্ৰহ কৰে। তেওঁৰ সহায়ত চেন্নায়ে ২০৭ ৰানৰ বৃহৎ স্ক’ৰ স্থাপন কৰিবলৈ সক্ষম হয়। তাৰ পিছত বলিঙৰ সময়ত ইম্পেক্ট প্লেয়াৰ হিচাপে অহা অকি’ল হোছেইনে ৪টা উইকেট দখল কৰে। তেওঁ নিজৰ ৪ অভাৰৰ স্পেলত মাত্ৰ ১৭ ৰান দি ৪জন বেটছমেনক আউট কৰে।
ডিজিটেল ডেস্ক, ২৪ এপ্ৰিল