নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : নেপালত পয়মাল

দেশ কঁপোৱা জেন–জি আন্দোলনৰ তাৎক্ষণিক ফচল নেপালৰ বলেন্দ্র শ্বাহৰ চৰকাৰ৷ জেন–জি আন্দোলনৰ পিছত নেপালত অনুষ্ঠিত সাধাৰণ নির্বাচনত বৃহৎ জয়লাভেৰে বলেন শ্বাহৰ নেতৃত্বত গঠিত হৈছিল নতুন চৰকাৰ৷ নতুন চৰকাৰখনক লৈ দেশৰ জনতাই হিশেষকৈ নতুন চামে বহুত আশা কৰিছিল৷

কিন্তু যেন কলিতেই কেৰোণ লাগিল চৰকাৰখনৰ৷ নৱগঠিত ৰাষ্ট্রীয় স্বতন্ত্র পাট্ৰ চৰকাৰখনে দেশখনলৈ নতুনৰ বার্তা বহন কৰি আনিব বুলি আশা কৰা হৈছিল যদিও শেহতীয়া কর্ম–কাণ্ডই সেই আশাত যেন চেঁচা পানীহে ঢালিলে৷

সৌৰা দুপতীয়া নৌহওঁতেই যখিনীয়ে বাহ লোৱা বুলি অসমীয়াত এষাৰ কথা আছে৷ যুৱনেতা বলেন্দ্র শ্বাহৰ নেতৃত্বত চৰকাৰখন গঠন হোৱাৰ মাথোঁ ২৬ দিন হৈছিলহে৷ চলিত বছৰৰ ৫ মার্চত অনুষ্ঠিত সাধাৰণ নির্বাচনত হিপুল বিজয় সাব্যস্ত কৰি নতুন চৰকাৰখনৰ প্রধানমন্ত্রী হিচাপে দায়িত্বভাৰ গ্রহণ কৰিছিল কাঠমাণ্ডুৰ প্রাক্তন মেয়ৰ বলেন্দ্র (বলেন) শ্বাহে৷

কিন্তু পয়মাল লাগিলেই৷ চৰকাৰ গঠনৰ এমাহৰো কম সময়ৰ ভিতৰতে দুজনকৈ মন্ত্রীয়ে পদত্যাগ কৰিবলগীয়া হ’ল৷ এই পৰিস্থিতিয়ে নিশ্চয় এটা অশনি সংকেতকে বহন কৰে নেপালৰ বাবে৷ কাৰণ, জনসাধাৰণে চৰকাৰখনৰ ওপৰত বহু আশা কৰিলেও এতিয়া চৰকাৰখন যে এটা সুস্থ অৱস্থাত চলি থাকিব পৰা নাই সেই কথা এনে ঘটনাবোৰেই প্রমাণ কৰে৷

চৰকাৰ গঠনৰ ২৬ দিনৰ ভিতৰত গৃহমন্ত্রীৰ দৰে গুৰুত্বপূর্ণ পদ চম্ভালা সুধন গুৰুঙে পদত্যাগ কৰিবলগীয়া হোৱা কথাটো এইক্ষেত্রত নিশ্চয়কৈ তাৎপর্যপূর্ণ৷ দেশখনৰ গৃহমন্ত্রী সুধন গুৰুঙে হাৱালা কেলেংকাৰিত জড়িত ব্যৱসায়ীৰে ধনৰ লেনদেন কৰাৰ অভিযোগ উত্থাপিত হোৱাত তেওঁ পদত্যাগ কৰিবলৈ বাধ্য হয়৷

তেওঁৰ বিনিয়োগ সম্পর্কত দেশখনৰ সামাজিক মাধ্যমত সমালোচনাৰে তোলপাৰ লগাত তেওঁ এই সিদ্ধান্ত ল’বলগীয়া হয়৷ অথচ এইগৰাকী গৃহমন্ত্রীয়ে দায়িত্বভাৰ লৈয়েই প্রাক্তন প্রধানমন্ত্রী কে পি শর্মা অ’লিৰ বিৰুদ্ধে দুন্তিৰ অভিযোগ তুলি তেওঁক গ্রেপ্তাৰ কৰিছিল৷

ইয়াৰ পূর্বে যোৱা ৯ এপ্রিলত পদত্যাগ কৰে দেশখনৰ শ্রম, জীৱিকা আৰু সামাজিক সুৰক্ষা বিভাগৰ মন্ত্রী দীপক কুমাৰ শ্বাহে৷ আচৰণ বিধি উলংঘন আৰু পদবীৰ অপপ্রয়োগৰ অভিযোগ উঠিছিল তেওঁৰ বিৰুদ্ধে৷ বিশেষকৈ দীর্ঘদিন ধৰি নিষ্ক্রিয় হৈ থকা দেশৰ স্বাস্থ্য বীমা ব’ৰ্ডৰ সদস্য পদত পত্নী জুনু শ্রেষ্ঠক বাহাল ৰখাক লৈ ব্যাপক সমালোচনাৰ সন্মুখীন হয় তেওঁ৷

এই সমালোচনাৰ সন্মুুখত তিষ্ঠিব নোৱাৰি তেওঁ পদত্যাগ কৰিবলৈ বাধ্য হয়৷ কিন্তু এই বিপর্যয় চম্ভালিবলৈ বিশেষ সুযোগ পোৱাৰ আগতেই বলেন্দ্র চৰকাৰৰ পৰা পদত্যাগ কৰিবলগীয়া হয় দেশখনৰ স্বয়ং গৃহমন্ত্রীয়েই৷ শেহতীয়াকৈ তেওঁৰ বিৰুদ্ধে উঠিছিল কেইবাটাও গুৰুতৰ অভিযোগ৷

এই অভিযোগক লৈয়ে সাধাৰণ জনজীৱনৰ লগতে সামাজিক মাধ্যমতো তোল–পাৰ লাগে৷ গুৰুঙে তেওঁৰ সামাজিক মাধ্যমৰ প’ষ্টত নিৰপেক্ষ আৰু নিকা তদন্তৰ স্বার্থত এনেদৰে পদত্যাগ কৰা বুলি স্পষ্টকৈ উল্লেখ কৰিছে৷ অভিযোগ মতে, সুধন গুৰুঙে শ্বেয়াৰ বজাৰত ধন বিনিয়োগৰ তথ্য লুকুৱাইছিল৷ লগতে হাৱালা কেলেংকাৰিত জড়িত লোকৰ সৈতে ধনৰ লেনদেন কৰাৰো গুৰুতৰ অভিযোগ উঠে তেওঁৰ বিৰুদ্ধে৷ সেই কথাও তেওঁ ৰাজহুৱা কৰা নাছিল৷

অভিযোগ মতে, সুধন গুৰুঙৰ ব্যৱসায়িক সম্পর্ক আছিল বিতর্কিত ব্যৱসায়ী দীপক ভট্টৰ সৈতে৷ লক্ষণীয় যে এইগৰাকী ব্যৱসায়ীকে যোৱা এপ্রিলত গ্রেপ্তাৰ কৰা হৈছিল হাৱালা কেলেংকাৰিৰ গোচৰত৷ এই তদন্ততে দীপক ভট্টৰ কোম্পানীত সুধন গুৰুঙৰ বিনিয়োগৰ তথ্য পোহৰলৈ আহে৷

দীপক ভট্ট আৰু জগদম্বা গ্রুপৰ লিবাট্ মাইক্রো জীৱন বীমা আৰু ষ্টাৰ মাইক্রো বীমাৰ ২৫ হাজাৰটাকৈ শ্বেয়াৰ ক্রয় কৰিছিল গুৰুঙে৷ এই কথা গুৰুঙে নিজে স্বীকাৰ কৰা বুলি নেপালৰ আগশাৰীৰ সংবাদ–পত্রত প্রকাশো পাইছে৷

অৱশ্যে এই বিনিয়োগত কোনো নীতিবহির্ভূত লেনদেন নাই বুলি মন্তব্য কৰিছে গুৰুঙে৷ কিন্তু দেশখনত চলি থকা দুন্তিৰ বিৰুদ্ধে বৃহৎ গণ আন্দোলন গঢি ক্ষমতালৈ অহা বলেন্দ্র শ্বাহ নেতৃত্বাধীন চৰকাৰখনৰ মাজতেই এনেবোৰ অভিযোগ উঠাত স্বাভাৱিকতেই অসন্তুষ্ট হৈ পৰিছে সাধাৰণ নাগৰিক৷

দুর্নীতি, স্বজন–তোষণহীন দেশ এখন গঢ়াৰ সপোন দেখুৱাই জেন–জিৰ বিপুল সমর্থনত ৰাজপাট লোৱা বলেন্দ্র শ্বাহৰ চৰকাৰখনৰ সন্মুখত এনে প্রশ্ন উত্থাপন হোৱাটোক সহজভাৱে ল’ব পৰা নাই জনসাধাৰণে৷

দুর্নীতি আৰু স্বজন–তোষণৰ অভিযোগৰ লগতে বন্দ্রে শ্বাহৰ চৰকাৰে ভাৰতৰ পৰা যোৱা সামগ্রীৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰাৰ নির্দেশেও অসন্তুষ্টি বৃদ্ধি কৰা দেখা গৈছে৷ ভাৰতৰ সৈতে বাণিজ্যৰ ক্ষেত্রত চৰকাৰখনে অতিৰিক্ত শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত লোৱাত বিশেষকৈ সীমান্তৱত্ এলেকাৰ ব্যৱসায়ী তথা সাধাৰণ লোকসকল লোকচানৰ সন্মুুখীন হ’বলগীয়া হৈছে৷

এইবোৰ কাৰণত এতিয়া সমগ্র নেপালত তীব্র হিক্ষোভৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে৷ সম্প্রতি চহৰাঞ্চলত পোনপটীয়া বিক্ষোভ দেখিবলৈ পোৱাৰ লগতে সামাজিক মাধ্যমত সমগ্র দেশৰ জনতা বিশেষকৈ যুৱক–যুৱতীসকল ক্ষুব্ধ হৈ পৰা পৰিলক্ষিত হৈছে৷

দেশৰ গৃহমন্ত্রীকে ধৰি কেইবাগৰাকীও মন্ত্রীৰ বিৰুদ্ধে দুন্তি আৰু স্বজন–তোষণৰ অভিযোগ উত্থাপিত হোৱাটোক সহজভাৱে ল’ব পৰা নাই জনসাধাৰণে৷ তদুপৰি, দেশৰ শাসনভাৰ লৈয়ে বলেন্দ্র শ্বাহে নেপালত যুৱ আন্দোলন আৰু ছাত্র সংগঠনৰ ওপৰত প্রতিবন্ধকতা আৰোপ কৰাত ক্ষুণ্ণ হৈপৰিছে দেশখনৰ ছাত্র সমাজ আৰু যুৱচাম৷

অথচ এই যুৱ–ছাত্রৰ আন্দোলনৰ মাজেৰেই ক্ষমতালৈ আহে বলেন্দ্র শ্বাহৰ চৰকাৰখন৷ স্বাভাৱিকতেই যুৱ–ছাত্রসকলৰো বহু আশা–ভৰসাৰথলী আছিল এই চৰকাৰখন৷ কিন্তু তাৰ বিপৰীতে ছাত্র সংগঠন আৰু যুৱ আন্দোলনৰ ওপৰত প্রতিবন্ধকতা আৰোপ কৰাত যুৱ–ছাত্রসকল স্তম্ভিত হোৱাই নহয়, ক্ষুব্ধও হৈ পৰিছে৷

ফলত, এতিয়া নেপালত পুনৰ পট পৰিৱর্তন ঘটিবলৈ লৈছে৷ প্রকাশ্য বিক্ষোভ সংঘটিত হৈছে৷ এনে পৰিস্থিতিত প্রধানমন্ত্রীয়ে কি ব্যৱস্থা গ্রহণ কৰে সেয়া দেশখনৰ ভৱিষ্যৎ আৰু বর্তমানৰ পৰিস্থিতি নিয়ন্ত্রণৰ ওপৰত গুৰুত্বপূর্ণ হিচাপে বিৱেচিত হৈছে৷ দেশখনৰ জনসাধাৰণৰ আশা–আকাংক্ষাক কিদৰে অগ্রাধিকাৰ দি সুস্থ পৰিৱেশ গঢ়িব পাৰে, তাৰ ওপৰত নির্ভৰ কৰিব দেশখনৰ সুস্থিৰতা আৰু ভৱিষ্যৎ৷

দেশত দুর্নীতি আৰু স্বজন–তোষণ চলা বুলি অভিযোগ তুলি যি অভ্যুত্থান হৈছিল তাৰ প্রতিফলস্বৰূপেই যিহেতু বলেন্দ্র শ্বাহৰ চৰকাৰখন গঠন হৈছিল, সেইখন চৰকাৰৰ বহু মন্ত্রীয়েই যদি দুন্তি আৰু স্বজন–তোষণৰ সৈতে সাঙোৰ খাই পৰে, জনসাধাৰণৰ ওপৰত অর্থনৈতিক সংকট জাপি দিয়ে আৰু যুৱ–ছাত্রৰে কণ্ঠ ৰোধৰ প্রয়াস কৰে, তেন্তে জনসাধাৰণ ক্ষুব্ধ হৈ পৰাটো তেনেই স্বাভাৱিক৷ এতিয়া চৰকাৰখনৰ সঠিক সিদ্ধান্তৰ ওপৰত নির্ভৰ কৰিব দেশ আৰু নতুন চৰকাৰখনৰ ভৱিষ্যৎ৷

You might also like