নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্রীয় টাইকোৱানডোত নলবাৰীৰ ৪ খেলুৱৈৰ সাফল্য

নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰঃ উত্তৰ প্রদেশৰ গাজিয়াবাদত ২৪, ২৫ অক্টোবৰত অনুষ্ঠিত চতুর্থ ৰাষ্ট্রীয় টাইকোৱানডোত অসম দলৰ হৈ প্রতিনিধিত্ব কৰা নলবাৰীৰ চাৰি খেলুৱৈয়ে তিনিটা স্বর্ণ আৰু এটা ব্রঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে৷

নলবাৰীৰ এক্সিলেন্স টাইকোৱানডো ট্রেইনিং চেণ্টাৰৰ প্রশিক্ষার্থী ক্রমে ৰিছান ফাৰহাদ (৩২ কেজি অনূর্ধ্ব ছাব জুনিয়ৰ), ৰিহান আহমেদ (৪৯ কেজি অনূর্ধ্ব ছাব জুনিয়ৰ) আৰু জ্যোতিষ্মান দত্ত (৬৩ কেজি অনূর্ধ্বৰ ছিনিয়ৰ)ই স্বর্ণপদক লাভ কৰাৰ লগতে ফৰিদুল আলীয়ে (৫৪ কেজি অনূর্ধ্বৰ ছাব জুনিয়ৰ) ব্রঞ্জৰ পদক লাভ কৰি নলবাৰীলৈ সুনাম কঢ়িয়াই আনিছে৷

এক্সিলেন্স টাইকোৱানডো ট্রেইনিং চেণ্টাৰৰ প্রশিক্ষক আফতাব ৰহমানে খেলুৱৈসকলৰ এনে সাফল্যত সন্তোষ প্রকাশ কৰিছে৷

You might also like