নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অহা বর্ষতো ধোনীয়ে নেতৃত্ব দিব চি এছ কেক

আশাবাদী চি ই অ’ কাশী বিশ্বনাথন

নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰঃ আই পি এলৰ ইতিহাসত প্রথমবাৰৰ বাবে চেন্নাই ছুপাৰ কিংছে লীগ পর্যায়ৰ পৰাই বিদায় মাগিলেও দলটোক লৈ গৌৰৱবোধ কৰে চি এছ কেৰ চি ই অ’ কাশী বিশ্বনাথনে৷ আই পি এলৰ প্লে’ অফৰ পূর্বে চেন্নাইৰ বিদায় সন্দর্ভত তেওঁ  কয় যে মহেন্দ্র সিং ধোনীৰ নেতৃত্বত চেন্নাই ছুপাৰ কিংছে তিনিবাৰকৈ আই পি এলত খিতাপ জয় কৰিছে৷

প্রতিবছৰে আমি প্লে’ অফলৈ উন্নীত হৈছোঁ৷ কোনো এটা দলে চেন্নাইৰ এই অভিলেখ স্পর্শ কৰিব পৰা নাই৷ গতিকে এবছৰৰ বেয়া প্রদর্শনে সকলোখিনি সলনি কৰি নেপেলায়৷

ইফালে, চলিত আই পি এলত শোচনীয়ভাৱে ব্যর্থ হ’লেও অধিনায়ক ধোনীয়ে অহা বর্ষৰ আই পি এলতো দলক নেতৃত্ব দিব বুলিও বিশ্বনাথনে আশা প্রকাশ কৰিছে৷ উল্লেখ্য যে ৩৯ বছৰীয়া ধোনীয়ে এইবাৰৰ আই পি এলত এতিয়ালৈকে মাত্র ১৯৯ ৰানহে সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷

You might also like