নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৱোদয় বিদ্যালয় সমিতিত ৫৮৪ পদ খালী; আবেদনৰ অন্তিম তাৰিখ ২৯ জুলাই

কেন্দ্রীয় চৰকাৰৰ শিক্ষা মন্ত্রালয়ৰ স্কুল শিক্ষা বিভাগৰ অধীনত পৰিচালিত নৱোদয় বিদ্যালয় সমিতিত খালী হৈছে শিক্ষক আৰু অনা–শিক্ষকৰ ৫৮৪ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি নৱোদয় বিদ্যালয় সমিতি কর্তৃপক্ষই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে Principal-Group A (66), Post Graduate Teacher/PGT-Group B (294), Trained Graduate Teacher/TGT-Group B (136), Miscellaneous Category of Teacher-Group B (88)৷ শিক্ষক আৰু অনা–শিক্ষকৰ উক্ত পদসমূহSpecial Recruitment Drive 2022-23 অধীনতNorth Eastern RegionৰArunachal Pradesh, Assam, Manipur, Meghalaya, Mizoram, Nagaland, Sikkim, Tripuraত পূৰণ কৰা হ’ব৷ অসমৰDibrugarh, Guwahati, Jorhat, Silchar আৰুTezpurত পূৰণ কৰা হ’ব৷

Post Graduate Teacher/PGT-Group Bৰ ২৯৪ পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে Biology (21), Chemistry (23), Commerce (7), Economics (33), English (26), Geography (35), Hindi (38), History (31), Maths (33), Physics (29), Computer Science (18)৷Trained Graduate Teacher/TGT-Group Bৰ ১৩৬ পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে English (36), Hindi (37), Maths (43), Science (8), Social Studies (12)৷Miscellaneous Category of Teacher-Group Bৰ ৮৮ পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছেMusic (10), Arta (14), PET Male (23), PET Female (16), Librarian (25)৷Principalৰ দৰমহাৰ নিৰিখ মাহে ৭৮,৮০০–২,০৯,২০০ টকা৷Post Graduate Teacherৰ দৰমহাৰ নিৰিখ মাহে ৪৭,৬০০–১,৫১,১০০ টকা৷Trained Graduate Teacher আৰুTeacher (Miscellaneous Category)ৰ দৰমহাৰ নিৰিখ মাহে ৪৪,৯০০–১,৪২,৪০০ টকা৷ আবেদন মাচুল হিচাপেPrincipal পদৰ প্রার্থীয়ে ২০০ টকা,Post Graduate Teacher পদৰ প্রার্থীয়ে ১,৮০০ টকা আৰুTrained Graduate Teacher আৰু Teacher (Miscellaneous Category) পদৰ প্রার্থীয়ে ১,৫০০ টকাNavodaya Vidyalaya Samitiৰ হকে পৰিশোধ কৰিব লাগিব৷

আগ্রহীসকলে বিজ্ঞাপন বিষয়ক অধিক তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইট https://cbseitms.nic.in/nvsrecuritment লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ২৯ জুলাই, ২০২২৷

You might also like