নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমগ্র বিশ্বকাপতে খেলিব নোৱাৰিব নেইমাৰে

নিয়মীয়া বাৰ্তা, ৩ডিচেম্বৰ: আজি বিশ্বকাপৰ গ্রুপৰ অন্তিমখন মেচৰ পূর্বেই নেইমাৰক লৈ আৰম্ভ হৈছে নতুন চর্চা৷ ব্রাজিলৰ সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই বিশ্বকাপৰ আৰু কোনো মেচতে খেলিব নোৱাৰিব তেওঁ৷ তেওঁৰ লিগামেণ্টত ভয়ানক সমস্যা হোৱা বুলি ধাৰণা কৰা হৈছে৷ ছার্বিয়াৰ বিপক্ষে প্রথমখন মেচত আঘাত পাইছে নেইমাৰে৷ দুদিনমান পিছত ঘোষণা কৰা হৈছিল যে গ্রুপ পর্বৰ বাকী মেচবোৰত তেওঁ খেলিব নোৱাৰিব যদিও নকআউটত দললৈ প্রত্যাৱর্তন ঘটাব৷ তেওঁৰ আঘাত ইমানেই গুৰুতৰ যে বিশ্বকাপৰ পৰৱর্তী মেচসমূহত তেওঁ খেলিব পৰাৰ সম্ভাৱনা নাই৷ ব্রাজিলৰ সহকাৰী প্রশিক্ষক ক্লেবাৰ জেভিয়েৰে কয়, ‘নেইমাৰে লাহে লাহে আঘাতৰ উন্নতি ঘটাইছে৷ অৱশ্যে এতিয়া আমাৰ লক্ষ্য কেমেৰুণ মেচ৷ সেই মেচখনৰ পিছতহে বাকীসকলৰ অৱস্থাৰ বিষয়ে ভবাৰ সময় পাম৷’ নেইমাৰৰ অনিশ্চয়তাই ব্রাজিল শিবিৰক প্রবল আশংকাৰ মাজত ৰাখিছে৷ কাটাৰত ইতিমধ্যে নেইমাৰে অন্তিমখন মেচ খেলি পেলোৱা বুলি ধাৰণা কৰা হৈছে৷ ইয়াকে লৈ তেওঁ তিনিখন বিশ্বকাপ খেলিলে৷ ২০১৪ৰ বিশ্বকাপত আঘাতৰ বাবে কোৱার্টাৰ ফাইনেলতে শেষ হৈছিল তেওঁৰ অভিযান৷

You might also like