নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডৰ সংক্রমণ অব্যাহত পুনেৰ পৰা স্থানান্তৰিত হ’ব এদিনীয়া শৃংখলা

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ মহাৰাষ্ট্রত অব্যাহত থকা মহামাৰী ক’ভিডৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি বি চি চি আয়ে ভাৰত আৰু ইংলেণ্ডৰ মাজত হ’বলগীয়া আগন্তুক এদিনীয়া শৃংখলা পুনেৰ পৰা স্থানান্তৰৰ চিন্তাচর্চা কৰিছে৷ তিনিখন মেচৰ এদিনীয়া শৃংখলাটো পুনেৰ এম চি এ ষ্টেডিয়ামত অহা ২৩ৰ পৰা ২৮ মার্চৰ ভিতৰত অনুষ্ঠিত হোৱাৰ কথা আছে৷ কিন্তু বৃহস্পতিবাৰে মহাৰাষ্ট্রত ক’ভিডত আক্রান্তৰ সংখ্যা ৮ হাজাৰ অতিক্রম কৰাত উদ্বিগ্ণ হৈ পৰিছে বি চি চি আই৷

উল্লেখ্য যে ভাৰত আৰু ইংলেণ্ডে অহা ৪ মার্চৰ পৰা আহমেদাবাদত চতুর্থ তথা অন্তিম টেষ্ট মেচ খেলাৰ পিছত একেটা স্থানতে পাঁচখন মেচৰ টি–২০ শৃংখলাত অংশ ল’ব৷ ইয়াৰ পিছতে দল দুটাই এদিনীয়া শৃংখলাৰ বাবে পুনেলৈ উৰা মৰাৰ কথা আছে৷ কিন্তু মুম্বাই আৰু পুনেকে ধৰি সমগ্র মহাৰাষ্ট্রত ক’ভিডৰ সংক্রমণ এইপর্যন্ত হ্রাস নোপোৱাত বি চি চি আয়ে এদিনীয়াৰ বাবে বিকল্প স্থানৰ সন্ধান কৰিছে৷ ব’র্ডে আনকি আই পি এলৰ মেচো মুম্বাই আৰু পুনেৰ বাহিৰত আয়োজনৰ চিন্তাচর্চা কৰিছে৷

You might also like