নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ ঃ নিজৰ বিচাৰ–বুদ্ধিক কামত লগাওতে দুবাৰ চিন্তা কৰাটো উচিত বুলি ধৰক৷ দাম্পত্যত জটিলতা কম৷ সন্তানৰ ভৱিষ্যৎ সম্পর্কে বিশেষ গুৰুত্ব নহ’লেও চিন্তা থাকিব৷ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ১৷
বৃষ ঃ যোৱা দিনৰ তুলনাত আজি ফৰকাল৷ ঘৰুৱা পৰিৱেশ আপোনাৰ অনুকূল৷ সতি–সন্ততিৰ বাবে বিশেষ দুর্ভাবনা দেখা নাযায়৷ কর্মক্ষেত্রত আপোনাৰ ব্যক্তিত্ব অক্ষুণ্ণ থাকিব৷ ভ্রমণত সাৱধান হওক৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ৩৷
মিথুন ঃ আর্থিক ক্ষেত্রত সাধাৰণ জটিলতা থাকিব৷ বুদ্ধিৰ অপব্যৱহাৰ হোৱাৰ আশংকা থাকিব৷ প্রেম–প্রীতিত মধ্যম মনোযোগ৷ ঘৰুৱা উন্নতিৰ প্রচেষ্টা৷ বন্ধুৰ আগমন৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৪৷
কর্কট ঃ আর্থিক উন্নতিৰ বাবে কিছু যত্নত থাকক৷ বিদ্যাত তেনে আহুকাল দেখা নাযায়৷ বন্ধুবর্গৰ লগত বিশেষ সান্নিধ্য নকৰাই উচিত৷ নতুন কোনো আশাৰ সন্ধান পালেও গোপনে ৰাখক৷ শুভ ৰং কমলা, শুভ সংখ্যা ৫৷
সিংহ ঃ যোগাযোগৰ ইচ্ছুকে উৎসাহ লাভ কৰিব৷ কর্মসন্ধানীয়ে হঠাৎ সুসংবাদ লাভ কৰিব পাৰে৷ অৱশ্যে জটিল চক্রৰ পৰা সাৱধান হওক৷ ঘৰুৱা মধ্যম৷ সন্তানৰ শুভ৷ প্রেমত উৎসাহ৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৭৷
কন্যা ঃ দিনটো প্রায় ভালেৰে পাৰ হ’ব৷ বিদ্যাত কিছু সমস্যা আহিব পাৰে৷ কর্মস্থানত শৰীৰ ভালে ৰখাৰ যত্ন কৰক৷ ভ্রমণ সম্ভৱ৷ পিছে সাৱধান হওক৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৯৷
তুলা ঃ অশুভ প্রভাৱ হ্রাস পাব৷ বিদ্যার্থীয়ে আদৰ পাব৷ সংবাদত সুখী হ’ব৷ কর্মক্ষেত্রত যোগ্যতা থাকিব৷ ব্যৱসায়–বাণিজ্যত বেছি লাভৱান নহ’ব পাৰে৷ শুভ ৰং কমলা, শুভ সংখ্যা ২৷
বৃশ্চিক ঃ মজলীয়া দিন৷ কোনো আত্মীয়ৰ বাবে চিন্তা থাকিব৷ বিদ্যার্থীৰ সময়টো খুব বেয়া নহ’ব৷ সন্তানৰ ভৱিষ্যৎ সম্পর্কে উৎসাহ৷ শুভ ৰং নীলা, শুভ সংখ্যা ৬৷
ধনু ঃ শৰীৰ খুব ভাল নহ’লেও বিশেষভাৱে কোনোৱে সন্মানিত হোৱাৰ যোগ৷ পাৰিবাৰিক আৰু কর্মক্ষেত্রত ভালেই দেখা যায়৷ আর্থিকত মধ্যম৷ পঢ়া–শুনাত শুভ৷ শুভ ৰং বগা, শুভ সংখ্যা ৭৷
মকৰ ঃ মানসিক দিশত উন্নত দিন৷ বিদ্যাতো মনোযোগ বঢ়াব পাৰিব৷ দাম্পত্যত বুজাপৰা থাকিব৷ কিবা প্রাপ্য আদি থাকিলে যত্ন কৰক৷ যোগাত্মক ফল পাব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ২৷
কুম্ভ ঃ সম্ভাৱনীয় দিশত পোনে পোনে সফল নহ’ব৷ নিজৰ বুদ্ধিত কিছু কৌশল প্রয়োগ কৰক৷ দাম্পত্যত সামান্য ওফোন্দ–মিল দৃষ্ট হ’ব৷ সন্তানৰ ভালেই৷ আর্থিকত মধ্যম৷ শুভ ৰং পাতল ৰঙা, শুভ সংখ্যা ১৷
মীন ঃ কর্মত কোনো লোকৰ দ্বাৰা যাতে বাধা নাপায় তাৰ প্রতি লক্ষ্য কৰক৷ শৰীৰৰ সামান্য বাধাৰ বাহিৰে বাকী শুভ৷ ভ্রমণ হ’ব পাৰে৷ শুভ ৰং গৰুৱা, শুভ সংখ্যা ৪৷

You might also like