নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা আইএছএলঃ উদ্বোধনী মেচত মোহন বাগান–কেৰালা ব্লাষ্টার্ছ

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ হিৰো ইণ্ডিয়ান ছুপাৰ লীগৰ ২০২১–২২ ছিজনটো আজিৰে পৰা আৰম্ভ হ’ব৷ ক’ৰোনাৰ আতংকৰ বাবে এইবাৰ প্রতিযোগিতাখনৰ আটাইকেইখন মেচ গোৱাতে খেলোৱা হ’ব৷ আই এছ এলৰ অষ্টম সংস্কৰণৰ আটাইকেইখন মেচ বন্ধ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ আজিৰে উদ্বোধনী মেচখনত প্রতিদ্বন্দ্বিতা আগবঢ়াব এ টি কে মোহন বাগান আৰু কেৰালা ব্লাষ্টার্ছে৷ ১১টা দলৰ মাজত অনুষ্ঠিত হ’বলগীয়া প্রতিযোগিতাখনৰ প্রথম ৫৫খন মেচৰ সময়সূচী ইতিমধ্যে আয়োজকে ঘোষণা কৰিছে৷

২০২২ বর্ষৰ ৯ জানুৱাৰীলৈকে হ’বলগীয়া প্রতিযোগিতাখনৰ প্রথম ফেজৰ মেচসমূহ গোৱাৰ তিনিটা স্থানত অনুষ্ঠিত হ’ব৷ ফাটোৰডাৰ পণ্ডিত জৱাহৰলাল নেহৰু ষ্টেডিয়াম, বেম্বোলিমৰ জি এম চি এথলেটিক ষ্টেডিয়াম আৰু ভাস্কো ডা গামাৰ তিলক ময়দান ষ্টেডিয়ামত প্রতিযোগিতাখনৰ প্রথম ফেজৰ মেচসমূহ অনুষ্ঠিত হ’ব৷ আজিৰে উদ্বোধনী মেচখনক লৈ আত্মবিশ্বাসী কেৰালা ব্লাষ্টার্ছৰ মুখ্য প্রশিক্ষক ইভান ভুক’মান’ভিচ৷

ইতিমধ্যে প্রতিযোগিতাখনৰ বিগত সংস্কৰণত কেৰালা ব্লাষ্টার্ছে এ টি কে মোহন বাগানৰ বিপক্ষে দুবাৰ মুখামুখি হৈছে আৰু দুয়োবাৰেই পৰাজয়ৰ সন্মুখীন হৈছে৷ কিন্তু এইবাৰ পূর্বৰ ফলাফল সলনি কৰাৰ লক্ষ্য লৈছে কেৰালা ব্লাষ্টার্ছে৷ আজিৰে এ টি কে মোহন বাগানক পৰাস্ত কৰি প্রতিযোগিতাখনত আশাব্যঞ্জক আৰম্ভণি কৰিব বিচাৰিছে বুলি কেৰালা ব্লাষ্টার্ছৰ মুখ্য প্রশিক্ষক ইভানে মন্তব্য কৰে৷

খেলৰ সময়ঃ নিশা ৭.৩০ বজা৷

You might also like