নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিটচক নহয়, দুর্বল বেটিঙক দোষাৰোপ ৰুটৰ

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ আধুনিক আৰু নতুন ৰূপত নির্মাণ কৰি উলিওৱা নৰেন্দ্র মোদী ক্রিকেট ষ্টেডিয়ামত ভাৰতে মাত্র দুদিনৰ ভিতৰতে বৃহৎ জয় সাব্যস্ত কৰাৰ পিছত একাংশ ক্রিকেট পণ্ডিতে মটেৰাৰ উইকেটক নিকৃষ্ট আখ্যা দিছে৷ কিন্তু মটেৰাৰ উইকেট আৰু পিটচক লৈ কোনো আপত্তি নাই ইংলেণ্ডৰ অধিনায়ক জ’ ৰুটৰ৷ দিবা–নৈশ টেষ্টত ভাৰতৰ হাতত ১০ উইকেটত পৰাস্ত হোৱাৰ পিছত তেওঁ যোৱানিশা কয় যে দলৰ বেটছমেনসকলৰ প্রদর্শনক লৈ তেওঁ লজ্জিত৷

বিশ্বৰ সর্ববৃহৎ ক্রিকেট ষ্টেডিয়ামত ইংলেণ্ডৰ বেটছমেনৰ এই প্রদর্শন গ্রহণযোগ্য নহয় বুলি উল্লেখ কৰি ৰুটে পুনৰ কয় যে ভাৰতৰ স্পীন বলিং আক্রমণৰ সন্মুখত তেওঁলোকৰ খেলুৱৈসকল সম্পূর্ণৰূপে দিশহাৰা হৈ পৰে৷ অভিজ্ঞ অফ স্পীনাৰ ৰবিচন্দ্রন অশ্বিন আৰু উদীয়মান বাঁওহতীয়া স্পীনাৰ অক্ষৰ পেটেলৰ উন্নতমানৰ স্পীন বলিঙক ইংলেণ্ডৰ অধিনায়কগৰাকীয়ে ভূয়সী প্রশংসা কৰে৷ তেওঁ কয় যে গুলপীয়া বলেৰে ভাৰতীয় স্পীনাৰে মটেৰাৰ উইকেটত তুলনামূলকভাৱে অধিক গতি লাভ কৰাত ইংলেণ্ডৰ বেটছমেনসকল সমস্যাৰ সন্মুখীন হয়৷ মাত্র দুদিনৰ ভিতৰতে টেষ্ট মেচৰ সামৰণি পৰাটো ক্রিকেটৰ বাবে শুভ নহয় বুলি উল্লেখ কৰি ৰুটে পুনৰ কয় যে প্রায় ৬০ হাজাৰ দর্শকে কোহলি–এণ্ডাৰছনৰ যুঁজ প্রত্যক্ষ কৰিবলৈ আহিছিল যদিও স্পীনাৰে আধিপত্য বিস্তাৰ কৰাত দর্শকসকল হতাশ হ’বলগীয়া হয়৷

ইফালে, তৃতীয় টেষ্টত ইংলেণ্ডৰ শোচনীয় প্রদর্শনক তীব্র ভাষাৰে সমালোচনা কৰিছে দেশখনৰ প্রাক্তন অধিনায়ক নাছিৰ হুছেইন, কেভিন পিটাৰছেন আৰু ইয়ান বেলে৷ ‘দ্বিতীয় ইনিংছত ইংলেণ্ডক সম্পূর্ণৰূপে দিশহাৰা দেখা গ’ল৷ দলটো মাত্র ৮১ ৰানত অলআউট হ’ল যদিও চেন্নাইতকৈ মটেৰাৰ উইকেট অধিক কঠিন নাছিল৷ তেওঁলোকে স্পীন বলিঙক দক্ষতাৰে খেলাত ব্যর্থ হয়৷ এইধৰণৰ স্পীনসহায়ক উইকেটত খেলিব পৰাকৈ ইংলেণ্ডৰ বেটছমেনসকল মানসিকভাৱে সাজু নাছিল যেন অনুভৱ হৈছে৷’– নাছিৰ হুছেইনে এইদৰে কয়৷

ইফালে, একালৰ নির্ভৰযোগ্য মিডল অর্ডাৰ বেটছমেন ইয়ান বেল আৰু কেভিন পিটাৰছেনে ইংলেণ্ডৰ বেটছমেনৰ শ্বট নির্বাচন ভুল হোৱা বুলি উল্লেখ কৰি কয় যে ভাৰতৰ বিৰুদ্ধে জয়ৰ বাবে দলটোৱে এইধৰণৰ ভুলৰ শুধৰণি কৰিব লাগিব৷ মটেৰাৰ উইকেটত ইংলেণ্ডে মাত্র এজন স্পীনাৰ খেলোৱাৰ বিপৰীতে তিনিগৰাকীকৈ বেগী বলাৰক অন্তর্ভুক্ত কৰা সিদ্ধান্তকো কঠোৰ সমালোচনা কৰে ইয়ান বেলে৷

You might also like