নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফুটবল খেলৰ অন্তত সংঘৰ্ষঃ ১২৯ জন লোকৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২অক্টোবৰ: ইণ্ডোনেছিয়াত এখন ফুটবল খেলৰ পিছতে এক উত্তেজনাময় পৰস্থিতিৰ সৃষ্টি হয়, য’ত প্ৰায় ১২৯ জন লোকৰ মৃত্যু হৈছে। এই মেচখন আৰেমা আৰু পাৰ্চেবেৰ মাজত খেলা হৈছিল। এই মেচখনত পাৰ্চেবেই ৩-২ গ’লত জয়লাভ কৰে। খেলখন চাবলৈ দুয়োটা দলৰ অনুৰাগী বৃহৎ সংখ্যক ষ্টেডিয়ামত উপস্থিত আছিল। আৰেমাৰ অনুৰাগীসকলে এই পৰাজয়ক সহজ ভাৱে লব নোৱাৰি পাৰ্চেবেৰ অনুৰাগীসকলৰ সৈতে কাজিয়াত লিপ্ত হয়। লাহে লাহে এই কাজিয়াই উত্তেজনাৰ ৰূপ লয় আৰু ই গোটেই ষ্টেডিয়ামখনতে বিয়পি পৰে।

ইণ্ডোনেছিয়াৰ ঘৰুৱা লীগ লিগা-১ত শনিবাৰে পাৰ্চেবে আৰু আৰেমাৰ মাজত এখন খেল অনুষ্ঠিত হয়। ইয়াত পাৰ্চেবেৰ হৈ লিঅ’ লেলিছ, শ্ব’ ইয়ামামোটো আৰু ৰড্ৰিগেজ পেৰেইৰা জুনিয়ৰে এটাকৈ গ’ল দিয়ে। আনহাতে আৰেমাৰ খেলুৱৈসকলে মাত্ৰ দুটা গ’লহে দিব পাৰিছিল। এইদৰে পাৰ্চেবেই ৩-২ গ’লত জয়লাভ কৰে। এই মেচখনত পৰাজয়ৰ পিছত আৰেমাৰ অনুৰাগীসকলে হুলস্থুল আৰম্ভ কৰে আৰু ই ক্ৰমান্বয়ে সমগ্ৰ ষ্টেডিয়ামত বিয়পি পৰে। ইফালে এই পৰিস্থিতি ইমান ডাঙৰ হৈ পৰে যে আৰক্ষীয়ে কন্দুৱা গেছৰ গোলা এৰি দিব লগা হয়। এই সংঘৰ্ষত প্ৰায় ১২৯ জন লোকৰ মৃত্যু হৈছে।

You might also like