নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৱশেষত বৰ লুইতত ওপঙি থকা অৱস্থাত উদ্ধাৰ ধুবুৰীৰ চক্ৰ বিষয়া সঞ্জু দাসৰ মৃতদেহ

নিয়মীয়া বাৰ্তা, ২অক্টোবৰ: ধুবুৰীৰ আমিনেৰ চৰৰ শোকাৱহ সেই নাও দুৰ্ঘটনাটোৰ পিছৰে পৰা নিখোঁজ হৈ থকা ধুবুৰীৰ চক্ৰ বিষয়া সঞ্জু দাসৰ আজি ওলাল সন্ধান। দুৰ্ঘটনাটো সংঘটিত হোৱা স্থানৰ পৰা আনুমানিক ৫শ মিটাৰ আঁতৰত বৰ লুইতত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় বিষয়াগৰাকীৰ নিথৰ দেহ। আজি দিনৰ ভাগত বৰ লুইতত বিষয়াগৰাকীৰ মৃতদেহ পানীত ওপঙি থকা প্ৰত্যক্ষ কৰি অঞ্চলটোত অভিযানৰত এছডিআৰএফ দল এটাই স্পীড বোট এখনেৰে গৈ নৈখনৰ পৰা উদ্ধাৰ কৰে।

ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মৰ্গত মৰণোত্তৰ পৰীক্ষাৰ কৰোৱাৰ পিছত কৰ্মস্থল ধুবুৰীৰ চক্ৰ বিষয়াৰ কাৰ্য্যালয়লৈ অনা হয় তেওঁক। কাৰ্য্যালয়টোৰ কৰ্মচাৰীকে ধৰি জিলা প্ৰশাসন আৰু আৰক্ষীৰ উচ্চপদস্থ বিষয়া, জিলা উপায়ুক্ত অন্বামুথন এম পি, আৰক্ষী অধীক্ষক অভিজিৎ গুৰাৱ, ধুবুৰী পৌৰসভাৰ অধ্যক্ষ ডা৹ দেৱময় সান্ন্যাল প্ৰমুখ্যে বহু গুণমুগ্ধই শেষ শ্ৰদ্ধাঞ্জলি জনায় মৃত বিষয়াগৰাকীক। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছত জিলা প্ৰশাসনৰ এগৰাকী বিষয়াৰ তত্বাবধানত বিষয়াগৰাকীৰ নশ্বৰ দেহ এখন এম্বুলেঞ্চেৰে শিলচৰৰ নিজ গৃহলৈ নিয়াৰ ব্যৱস্থা কৰা হয়।

স্মৰ্তব্য যে, যোৱা ২৯ ছেপ্টেম্বৰৰ দিনা নিজৰ কাৰ্য্যালয়ৰ এগৰাকী লাট মণ্ডল আৰু ফিল্ড অফিচাৰসহ ধুবুৰীৰ আয়ৰণ জংলা প্ৰথম খণ্ডৰ সমীপৰ বৰলুইতৰ সিপাৰে থকা আমিনেৰ চৰ নামৰ এক দুৰ্গম চৰাঞ্চললৈ গৈছিল এটা তিনিজনীয়া দ’ল। আমিনেৰ চৰত বৰ লুইতৰ গৰাখহনীয়াৰ চৰজমিন তদন্ত কৰি এখন সৰু ভূটভূটীৰে উভতিবলৈ লৈছিল সেই দলটোৱে। কিন্তু আদবাটতে নৈখনৰ পানীত বুৰ গৈ থকা অৱস্থাত থকা নিৰ্মীয়মান ধুবুৰী ফুলবাৰী দলঙখনৰ এটা খুটাত অকষ্মাতে খুন্দা মাৰি বুৰ যায় নাওখন। সেই দুৰ্ঘটনাটোত নাওখনত থকা ২৯ গৰাকীৰ ২৮গৰাকীৰেই কথমপি প্ৰাণ ৰক্ষা পৰে যদিও ধুবুৰীৰ চক্ৰ বিষয়া সঞ্জু দাস সন্ধানহীন হৈ পৰে। সিদিনাৰ পৰাই নিখোঁজ হৈ থকা বিষয়াগৰাকীৰ নিথৰ দেহ অৱশেষত আজি উদ্ধাৰ হয়।

  •  ধুবুৰী পৰা অমিতাভ চক্ৰৱৰ্তীৰ ৰিপৰ্ট
You might also like