নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০৩০ চনৰ কমনৱেলথ গেমছ আয়োজনক লৈ আশাবাদী ভাৰত

সকলো ঠিকে থাকিলে সুদীর্ঘ ২০ বছৰৰ পাছত পুনৰ ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ৷ বুধবাৰে কেন্দ্রীয় চৰকাৰৰ অনুমতি লাভ কৰাৰ পাছত ভাৰতে আনুষ্ঠানিকভাৱে ২০৩০ চনৰ কমনৱেলথ গেমছ আয়োজন কৰাৰ প্রস্তাৱ আগবঢ়ায়৷ ভাৰতৰ এই দাবীক আনুষ্ঠানিকভাৱে অনুমোদন জনালে ভাৰতীয় অলিম্পিক সন্থাই৷

দিল্লীত অনুষ্ঠিত আইঅ’এৰ বিশেষ সাধাৰণ সভাত এই সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে৷ ফলত ২০৩০ চনত ভাৰতত কমনৱেলথ গেমছ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আৰু অধিক বৃদ্ধি পাইছে৷ অৱশ্যে ৩১ আগষ্টৰ ভিতৰত চূড়ান্ত নিবিদা দাখিল কৰিব লাগিব৷ ভাৰতত অন্তিমবাৰৰ বাবে কমনৱেলথ গেমছ অনুষ্ঠিত হৈছিল ২০১০ চনত৷

উক্ত চনত দিল্লীত কমনৱেলথ গেমছ অনুষ্ঠিত হৈছিল৷ অৱশ্যে এইবাৰ যদি ভাৰতে গেমছ আয়োজনৰ দায়িত্ব লাভ কৰে তেন্তে সেয়া হ’ব আহমেদাবাদত৷ ভাৰতীয় অলিম্পিক কমিটীৰ যুটীয়া সম্পাদক কল্যাণ চৌবেই কয় যে শীঘ্রে কমনৱেলথ গেমছৰ সম্পূর্ণ প্রস্তুতি আৰম্ভ কৰা হ’ব৷

ইতিমধ্যে কানাডাই নিজৰ নাম প্রত্যাহাৰ কৰাত ভাৰতৰ সম্ভাৱনা বৃদ্ধি পাইছে৷ ভাৰতৰ উপৰি নাইজেৰিয়া আৰু দক্ষিণ আফ্রিকায়ো ২০৩০ চনৰ কমনৱেলথ গেমছ আয়োজনৰ প্রস্তাৱ আগবঢ়োৱাৰ সম্ভাৱনা আছে৷

শেহতীয়াকৈ কমনৱেলথ স্প’টছৰ এটা প্রতিনিধি দল আহমেদাবাদলৈ গৈ আন্তঃগাঁথনি পৰিদর্শন কৰে৷ দলটোত আছিল গেমছৰ সঞ্চালক ডেৰেন হল৷ গুজৰাটত চৰকাৰী বিষয়াৰ সৈতে এক বৈঠকতো অংশগ্রহণ কৰে৷ জানিব পৰা মতে এই মাহতে এটা বৃহৎ প্রতিনিধি দল পুনৰ ভাৰতলৈ আহিব৷ নৱেম্বৰৰ শেষৰ ফালে ২০৩০ চনৰ কমনৱেলথ গেমছৰ আয়োজকৰ নাম ঘোষণা কৰা হ’ব৷ যদিহে কমনৱেলথ গেমছ ভাৰতত অনুষ্ঠিত হয় তেতিয়াহ’লে সকলো খৰচ চৰকাৰে বহন কৰিব লাগিব৷

সূত্র অনুসৰি ইতিমধ্যে গুজৰাট চৰকাৰে আন্তঃগাঁথনি পুনৰ সংগঠিত কৰাৰ কাম আৰম্ভ কৰিছে যাতে কমনৱেলথ গেমছ দেশৰ মাটিত অনুষ্ঠিত কৰিব পাৰে৷

Niyomiya Barta Desk, 14 August, 2025

You might also like