নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৰ্থ-ইষ্ট অলিম্পিকত স্বৰ্ণপদক অৰ্জন নগাঁৱৰ পাহি কেওটৰ

বিশেষ বাৰ্তা, ২৮ মাৰ্চ : স্বৰ্ণপদক লাভ কৰি স্বগৃহলৈ উভতি আহিল নগাঁৱৰ পাহি কেওট৷ নাগালেণ্ডত অনুষ্ঠিত হোৱা “North East Olympic-2024”ৰ স্বৰ্ণ বিজয়ী নগাঁৱৰ চুতীয়া গাঁওস্থিত পাহি কেওট ২৪ মাৰ্চৰ বিয়লি নিজ গৃহ পোৱাৰ পিছতে শুভাকাংক্ষীসকলে অভিনন্দন জনায় ৷ উল্লেখ্য যে মহিলাৰ ১৫০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত ৪ মিনিট ৫৩ চেকেণ্ডত নিৰ্দ্দিষ্ট স্থানত উপনীত হোৱা এইগৰাকী অসম কন্যাই এইবেলি নৰ্থ-ইষ্ট অলিম্পিকত অসমৰ হৈ প্ৰথমটো স্বৰ্ণপদক অর্জন কৰিবলৈ সক্ষম হয়৷ আঠখন ৰাজ্যৰ প্ৰায় আঢ়ৈ হাজাৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাসমূহৰ ভিতৰত অসমে ৪৩টা সোণ, ৪৪টা ৰূপ আৰু ৫৩টা ব্ৰঞ্জৰ পদক লাভেৰে সৰ্বাধিকসংখ্যক পদক লাভ কৰিবলৈ সক্ষম হৈছে। সেয়ে স্বাভাৱিকতে অসম দলৰ হৈ প্ৰতিনিধিত্ব কৰা অসম কন্যা পাহিয়েও এটা সোণৰ পদক অৰ্জনেৰে বিশেষকৈ নগাঁও জিলালৈ কঢ়িয়াই অনা এনে সাফল্যই এক উজ্জ্বল ভৱিষ্যতৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে।ইফালে, এটা উৰুখা পজাতে দিন কটাব লগা হোৱা এই গৰাকী পাহি কেওটে এনে বহু সফলতা কঢ়িয়াই অনাৰ পিছতো কিন্তু চৰকাৰ তথা জনপ্ৰতিনিধিসকলৰ দৃষ্টি আকৰ্ষণ নোহোৱাটো চৰম দুর্ভাগ্যৰ বিষয়। চৰকাৰৰ পৰা পৰিয়ালটোৱে কুৰি বছৰ পূৰ্বে পোৱা তথা বৰ্তমান ভগ্নপ্ৰায় বাসগৃহটোত পাহিয়ে লাভ কৰা পুৰস্কাৰসমূহ থ’বলৈ নাই অকনমান আচুতীয়া আৰু নিৰাপদ ঠাই ৷ য’ত তেওঁ থ’ব পাৰে একাগ্ৰতা, সাধনা আৰু স্ব প্ৰতিভাৰ বলত আঁজুৰি অনা জাপ জাপ প্ৰমাণপত্ৰ, ট্ৰফী আৰু মেডেলবোৰ৷ তথাপি দুৰ্ভগীয়া পৰিয়ালটোৱে সাঁচি ৰাখিছে এবুকু আশা— আজি নাই, কালিলৈ হ’ব ৷ ইয়াৰ মাজতো দৌৰি দৌৰিয়েই  বিশ্ব দৰৱাৰত প্ৰতিষ্ঠিত হ’বলৈ পাহিয়ে প্ৰতিদিনে কৰি গৈছে কঠোৰ অনুশীলন ৷ দিনহাজিৰা কৰি দুবেলা দুমুঠি যোগাৰ কৰা পিতৃ-মাতৃৰো আশা- জীয়াৰীৰ সপোন এদিন পূৰ হ’ব। আমিও আশা কৰিছো- ভিতৰুৱা গাওঁখনৰ পৰা গৈ এসময়ত অসমৰ মান অধিক উজ্বলাব আৰু বিশ্বৰ বুকুত এটি চিনাকি নাম হ’ব পাহি কেওট।
প্ৰেৰক কনক হাজৰিকা
You might also like