পাকিস্তান বধ ভাৰতৰ…. পিছে ভাৰতীয় দলক কিমান বোনাচ দিলে BCCI-এ
পাকিস্তান বধ ভাৰতৰ…. পিছে ভাৰতীয় দলক কিমান বোনাচ দিলে BCCI-এ
সদ্যসমাপ্ত এছিয়া কাপত বিজয়ী হল ভাৰতীয় ক্রিকেট দল। পাকিস্তান ধৰাশায়ী কৰিলে সূৰ্যকুমাৰ বাহিনীয়ে। আৰু তাৰ পিছে সমৰ্থক-কৰ্মীসকলক আনন্দিত কৰি তুলিছে। ইয়াৰ পিছতেই BCCI-য়ে ঘোষণা কৰিছে যে দলটোৱে অভেদ্য খেলেৰে ট্ৰফী জিকাৰ বাবে ২১ কোটি টকাৰ বোনাছ প্ৰদান কৰা হ’ব।
ভাৰতে কালি ডুবাইত অনুষ্ঠিত ফাইনেলত চিৰপ্ৰতিদ্বন্দ্বী পাকিস্তানক পাঁচ উইকেটত পৰাস্ত কৰাৰ পিছতেই এই ঘোষণা কৰা হয়।
“এইটো এটা অসাধাৰণ বিজয় আছিল আৰু সেয়ে উদযাপন অংশ ৰূপে BCCI-য়ে এছিয়া কাপত অংশগ্ৰহণ কৰা ভাৰতীয় দলৰ খেলুৱৈসকল আৰু সমৰ্থক-কৰ্মীসকলৰ বাবে ২১ কোটি টকাৰ নগদ বঁটা ঘোষণা কৰিছে,” বুলি BCCIৰ সচিব দেৱজিত শইকীয়াই জনাইছে।
নিয়মীয়া বাৰ্তা ডেস্ক, ২৯ ছেপ্টেম্বৰ