এটা ভয়ংকৰ দুৰ্ঘটনা… আৰু নিমিষতে এখন গাড়ীত শেষ ৫টা জীৱন
হাৰিয়ানাৰ কুৰুক্ষেত্ৰত আজি পুৱা এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। কুৰুক্ষেত্ৰ-কৈথল ৰাস্তাত তীব্ৰ গতিৰ টাটা হেৰিয়ৰ আৰু মাৰুতি ছুইফটৰ মুখামুখি সংঘৰ্ষ হয়। এই দুৰ্ঘটনাত ৫জন লোকৰ ঘটনাস্থলীতে মৃত্যু হয়, আন ৫জন ভয়ংকৰভাৱে আহত হয়।
দুৰ্ঘটনাটো তীব্ৰ গতিৰ ফলতে হৈছিল। সংঘৰ্ষ ইমান ভয়ানক আছিল যে দুয়োখন গাড়ীৰ সন্মুখভাগ চূৰমাৰ হয়। ওচৰৰ মানুহে তৎক্ষণাৎ ঘটনাস্থললৈ গৈ দুয়োখন গাড়ী কাটি ভিতৰত থকা ১০জন মহিলা–পুৰুষক উদ্ধাৰ কৰে।
১০জনৰ ভিতৰত ৫জনৰ ঘটনাস্থলতে মৃত্যু হৈছিল। মৃতসকলে মাৰুতি ছুইফট গাড়ীত যাত্ৰা কৰিছিল, যিসকল যমুনানগৰৰ বাসিন্দা আছিল। তেওঁলোকে মাতৃৰ দর্শনলৈ গৈ আছিল। খবৰ পোৱাৰ পাছত আৰক্ষী ঘটনাস্থললৈ আহি মৃতদেহবোৰ প’ষ্টমৰ্টেমৰ বাবে নিয়ে।
নিয়মীয়া বাৰ্তা ডেস্ক, ২৯ ছেপ্টেম্বৰ