আইচিচি টি–২০ বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে মেচ বর্জন পাকিস্তানৰ
নিউজ ডেস্ক, ২ ফেব্রুৱাৰী : আসন্ন আইচিচি টি–২০ বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে খেলিবলগীয়া মেচ বর্জন কৰিলে পাকিস্তানে৷ অহা ১৫ ফেব্রুৱাৰীত কলম্বোত হ’বলগীয়া বহু প্রতীক্ষিত এই হাইভল্টেজ মেচখনত পাকিস্তানে অংশগ্রহণ নকৰে বুলি এক্স হেণ্ডেলৰ জৰিয়তে নিশ্চিত কৰিলে পাকিস্তান চৰকাৰে৷ অৱশ্যে প্রতিযোগিতাখনৰ বাকী মেচসমূহত পাক দলটোৱে ভাগ ল’ব বুলি সদৰী কৰে পাকিস্তান চৰকাৰে৷
যদি টীম ইণ্ডিয়াৰ বিৰুদ্ধে খেলিবলগীয়া মেচখন বর্জন কৰা হয়, তেন্তে পাকিস্তান ক্রিকেট ব’র্ড হয়তো শাস্তিৰ সন্মুখীন হ’ব লাগিব৷ ১৯ বছৰ অনূর্ধ্ব এদিনীয়া বিশ্বকাপৰ ভাৰত–পাকিস্তানৰ মাজত চলি থকা ছুপাৰ ছিক্সৰ মেচখনৰ মাজতে পাকিস্তান চৰকাৰে এই সিদ্ধান্ত ঘোষণা কৰে৷ এক্সৰ জৰিয়তে তেওঁলোকে কয় যে পাকিস্তান চৰকাৰে পাকিস্তান ক্রিকেট দলটোক ৭ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া টি–২০ বিশ্বকাপত অংশগ্রহণৰ অনুমতি দিছে৷ কিন্তু ১৫ ফেব্রুৱাৰীত ভাৰতৰ বিৰুদ্ধে খেলিবলগীয়া মেচখনত পাকিস্তানে অংশগ্রহণ নকৰে৷
বিশ্বকাপৰ গ্রুপ ‘এ’ত ভাৰত আৰু পাকিস্তানৰ সৈতে আছে আমেৰিকা, নেদাৰলেণ্ডছ আৰু নামিবিয়া৷ অর্থাৎ পাকিস্তানে বাকী তিনিখন দেশৰ বিৰুদ্ধে খেলিলেও ভাৰতৰ বিৰুদ্ধে নেখেলে৷ টি–২০ বিশ্বকাপৰ পৰা বাংলাদেশক বাদ দিয়াৰ পাছত পাকিস্তানেও প্রতিযোগিতাখন বর্জন কৰাৰ হুংকাৰ দিছিল৷ অৱশ্যে এইটোও জনা গৈছিল যে তেওঁলোকে কেৱল ভাৰতৰ বিৰুদ্ধে নেখেলে, সমগ্র প্রতিযোগিতাখনত নহয়৷ এই বিষয়ত সিদ্ধান্ত ল’বলৈ পাকিস্তান চৰকাৰৰ ওপৰত এৰি দিছিল পাকিস্তান ক্রিকেট ব’র্ডে৷ শেষত শ্বাহবাজ শ্বৰীফ চৰকাৰে সিদ্ধান্ত ল’লে যে পাক দলটোৱে ভাৰতৰ বিৰুদ্ধে খেলিব নোৱাৰিব৷ অর্থাৎ বিশ্বকাপত ক্রিকেট অনুৰাগীসকলে যিখন খেলৰ বাবে আগ্রহেৰে বাট চাই আছিল সেয়া বাস্তৱায়িত নহ’ব৷
এই সিদ্ধান্তৰ পিছতে সামাজিক মাধ্যমত চলা চৰ্চা অনুসৰি কিমান আৰু পৰাজয় সহিব পাক দলটোৱে। মুখলজ্জাৰ বাবেই পাক চৰকাৰে এই সিদ্ধান্ত লোৱা বুলিও সামাজিক মাধ্যমত বহুতে মত ব্যক্ত কৰিছে। উল্লেখ্য যে দেওবাৰেও অনূৰ্ধ্ব ১৯ বিশ্বকাপৰ বিজয় অপৰিহাৰ্য এখন মেচত পাক দলটো ভাৰতৰ হাতত পৰাজয়ৰ সন্মুখীন হয়।