নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ দুৰ্ধৰ্ষ ডকাইত

ডিজিটেল ডেস্ক, ২ ফেব্ৰুৱাৰী : মহানগৰীত ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা। পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীৰ গুলীত আহত হয় এটা দুৰ্ধৰ্ষ ডকাইত। আহত ডকাইতটোক জি এম চি এইচত ভৰ্তি কৰোৱা হৈছে। ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড মাধৱ দাস নামৰ ডকাইতটো দহমাইলত গুলীবিদ্ধ হয়।

উল্লেখ্য যে বৃহস্পতিবাৰে নিশা বেলতলাৰ নিৰুপমা এনক্লেভত ৰড লৈ ডকাইতি চলাইছিল তিনিজনীয়া ডকাইতৰ এটা দলে। ৰড লৈ উক্ত নিশা ডকাইতকেইজনে লুটি নিছিল নগদ ধনকে ধৰি সোণৰ গহনা। পিছত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে দুৰ্ধৰ্ষ ডকাইতৰ দলটোৰ ৩ ডকাইতক কৰায়ত্ত কৰে। ধৃত ডকাইত তিনিজন হ’ল মাধৱ দাস, সুভাষ দাস আৰু কাৰ্তিক শৰ্মা। ঘটনাৰ ৪৮ ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে তিনি ডকাইতক আটক কৰিবলৈ সক্ষম হৈছিল। তদুপৰি ধৃত ৩ ডকাইতৰ পৰা আৰক্ষীয়ে ১৫ লাখ ৫৬ হাজাৰ টকা উদ্ধাৰ কৰে।

উক্ত দলটোৰ মাধৱ দাস নামৰ ডকাইতটোৱে পুৱতি নিশা পলাবলৈ চেষ্টা চলাওঁতে আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়। দহমাইলত গুলীবিদ্ধ হয় দুৰ্ধৰ্ষ ডকাইত মাধৱ দাস। ধৃত ডকাইতটোৰ বাঁও ভৰিৰ তলৰ অংশত গুলী লগাত জি এম চি এইচত ভৰ্তি কৰোৱা হয়।

You might also like