নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বকাপ ফুটবলৰ যোগ্যতা অর্জনকাৰী মেচত আয়াৰলেণ্ডৰ হাতত পৰাস্ত পর্তুগাল

নিউজ ডেস্ক, ১৫ নৱেম্বৰ : দেশৰ জার্ছীত প্রথমবাৰৰ বাবে ৰেড কার্ড লাভ কৰিলে ক্রিষ্টিয়ানো ৰ’নাল্ডোৱে৷ অহা বর্ষৰ ফিফা বিশ্বকাপ ফুটবলৰ যোগ্যতা অর্জনকাৰী মেচত আয়াৰলেণ্ডৰ হাতত পৰাজিত হ’ল পর্তুগাল৷ বৃহস্পতিবাৰে নিশা ডাবলিনত ঘৰুৱা দল আয়াৰলেণ্ডৰ হাতত ২–০ গ’লত পৰাজয় স্বীকাৰ কৰে ৰ’নাল্ডো বাহিনীয়ে৷ এতিয়ালৈকে ২০২৬ চনৰ বিশ্বকাপলৈ যোগ্যতা অর্জন কৰিবলৈ সক্ষম নোহোৱা পর্তুগালে এতিয়া গ্রুপ ‘এফ’ৰ অন্তিমখন মেচলৈ বাট চাব লাগিব৷ আর্মেনিয়াৰ বিৰুদ্ধে খেলিবলগীয়া মেচখনত পইণ্ট লাভ কৰিলেই বিশ্বকাপৰ টিকট লাভ কৰিব ৰ’নাল্ডো বাহিনীয়ে৷

মন কৰিবলগীয়া যে আয়াৰলেণ্ডৰ বিৰুদ্ধে ড্র কৰিব পাৰিলেই পর্তুগালে বিশ্বকাপলৈ যোগ্যতা অর্জন কৰিলেহেঁতেন৷ খেলখনৰ ১৭ আৰু ৪৫ মিনিটত ট্রনী পেৰটে দুটাকৈ গ’ল স্ক’ৰ কৰি আয়াৰলেণ্ডক গুৰুত্বপূর্ণ অগ্রগতি প্রদান কৰে৷ পৰৱর্তী সময়ত পর্তুগালে গ’ল দুটা পৰিশোধ কৰাৰ চেষ্টা চলাই থকাৰ সময়তে ৬১ মিনিটত ৰ’নাল্ডোৱে ৰেড কার্ড লাভ কৰি খেলপথাৰ ত্যাগ কৰে৷ অৱশ্যে ইয়াৰ সুযোগ গ্রহণ কৰাত ব্যর্থ হয় আয়াৰলেণ্ড৷ খেলখনত ঘৰুৱা দলটোৱে ২–০ গ’লত জয়ৰ সোৱাদ লাভ কৰে৷

মন কৰিবলগীয়া যে ২২ বছৰ ধৰি দেশক ২২৬খন মেচত প্রতিনিধিত্ব কৰা ৰ’নাল্ডোৱে দেশৰ জার্ছীত প্রথমবাৰৰ বাবে ৰেড কার্ড লাভ কৰে৷ যদি পর্তুগালে বিশ্বকাপলৈ যোগ্যতা অর্জন কৰে, তেতিয়াহ’লে ৰ’নাল্ডো অবিহনে প্রথমখন মেচত ভাগ ল’ব লাগিব পর্তুগালে৷

You might also like