নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অথলে গ’ল সঞ্জু ছেমছন–ৰিয়ান পৰাগৰ বীৰত্ব; শ্বাসৰুদ্ধকৰ জয়েৰে অভিযান আৰম্ভ পঞ্জাবৰ

নিয়মীয়া বাৰ্তা, ১৩ এপ্রিলঃঃ শ্বাসৰুদ্ধকৰ জয়েৰে পঞ্জাব কিংছে চলিত আই পি এলত অভিযান আৰম্ভ কৰিছে৷ ৱাংখেড়ে ষ্টেডিয়ামত সোমবাৰে অনুষ্ঠিত এখন হাই স্ক’ৰিং মেচত দলটোৱে ৰাজস্থান ৰয়েলছক চাৰি ৰানত পৰাস্ত কৰে৷ ২২২ ৰানৰ বৃহৎ লক্ষ্যৰ পিছ লৈ ৰাজস্থান ৰয়েলছে নির্ধাৰিত ২০ অ’ভাৰত সাত উইকেটৰ বিনিময়ত ২১৭ ৰানত থমকি ৰয়৷

অধিনায়ক সঞ্জু ছেমছন, মিডল অর্ডাৰ বেটছমেন জ’ছ বাটলাৰ, শিৱম ডুবে আৰু ৰিয়ান পৰাগৰ চমকপ্রদ বেটিঙৰ সহায়ত ৰাজস্থানে জয়ৰ দিশে অগ্রসৰ হৈছিল যদিও অন্তিমটো বলত সঞ্জু ছেমছন ব্যক্তিগত ১১৯ ৰানত আউট হোৱাত দলটোৰ পৰাজয় নিশ্চিত হয়৷ অন্তিমটো বলত ৰাজস্থানক ৫ ৰানৰ প্রয়োজন আছিল৷ সঞ্জুৱে ৬৩ বলত ১২টা বাউণ্ডেৰী আৰু সাতটা ছিক্সাৰৰ সহায়ত ১১৯ ৰানৰ দুর্দান্ত ইনিংছ খেলে৷ বাটলাৰে ১৩টা বলত ৫টা বাউণ্ডেৰীৰে ২৫, শিৱম ডুবেই ১৫ বলত তিনিটা বাউণ্ডেৰীৰে ২৩ আৰু ৰিয়ান পৰাগে ১১টা বলত এটা বাউণ্ডেৰী আৰু তিনিটা ছিক্সাৰেৰে ২৫ ৰান কৰে৷

ইয়াৰ পূর্বে ৰাজস্থানৰ অধিনায়ক সঞ্জু ছেমছনৰ আমন্ত্রণক্রমে ইনিংছ মুকলি কৰি পঞ্জাব কিংছে নির্ধাৰিত ২০ অ’ভাৰত ৬ উইকেটৰ বিনিময়ত ২২১ ৰানৰ বৃহৎ স্ক’ৰ থিয় কৰায়৷ দলটোৰ এই পাহাৰসম স্ক’ৰৰ মূলতেই আছিল অধিনায়ক লোকেশ ৰাহুল, মিডল অর্ডাৰ বেটছমেন দীপক হুদা আৰু ক্রিছ গেইলৰ বিস্ফোৰক বেটিং৷ ৰাহুলে মাত্র ৫০টা বলত সাতটা বাউণ্ডেৰী আৰু পাঁচটা ছিক্সাৰৰ সহায়ত ৯১ ৰানৰ দুর্দান্ত ইনিংছ খেলে৷ উদীয়মান বেটছমেন হুদাই ২৮টা বলৰ সন্মুখীন হৈ চাৰিটা বাউণ্ডেৰী আৰু ৬টা অ’ভাৰ বাউণ্ডেৰীৰে ৬৪ ৰান সংগ্রহ কৰিবলৈ সক্ষম হয়৷ ৱেষ্ট ইণ্ডিজৰ বিস্ফোৰক বেটছমেন ক্রিছ গেইলে ২৮টা বলত চাৰিটা বাউণ্ডেৰী আৰু দুটা ছিক্সাৰৰ সহায়ত ৪০ ৰানৰ আকর্ষণীয় ইনিংছ খেলে৷ মায়ংক আগৰৱাল ১৪, নিকোলাছ পুৰান ০ ৰানত আউট হয়৷

ৰাজস্থান ৰয়েলছৰ হৈ নৱাগত বাঁওহতীয়া বেগী বলাৰ চেতন ছাকাৰিয়াই ৩১ ৰান ব্যয় কৰি তিনিটা উইকেট দখল কৰে৷ তাৰকা অলৰাউণ্ডাৰ ক্রিছ মৰিছে ৪১ ৰানত দুটা আৰু অসম সন্তান ৰিয়ান পৰাগে এক অ’ভাৰত সাত ৰান ব্যয় কৰি এটা উইকেট লাভ কৰিবলৈ সক্ষম হয়৷ ৰিয়ানে বিস্ফোৰক বেটছমেন ক্রিছ গেইলক আউট কৰে৷ গেইলে কালি আই পি এলৰ ইতিহাসত ৩৫০টা ছিক্সাৰ কোবোৱা প্রথমগৰাকী ক্রিকেটাৰ হিচাপে ইতিহাস ৰচে৷

You might also like