নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিনেতা ঋষি কাপুৰ–ইৰফান খানক সশ্রদ্ধ সোঁৱৰণ বাফটাৰ; শ্রেষ্ঠ ছবি ন’মাডলেণ্ডঃ অভিনেতা এন্থনী হপকিন্স

নিয়মীয়া বাৰ্তা, ১৩ এপ্রিলঃ ক’ভিড–১৯ৰ পৰিপ্রেক্ষিতত ভার্চুৱেলী আয়োজন কৰা হয় ব্রিটিছ একাডেমী অৱ ফিল্ম এণ্ড টেলিভিছন আর্টছ (বাফটা) বঁটা প্রদান কার্যসূচী৷ দুনিশা ধৰি চলা এই ভার্চুৱেল কার্যসূচীত ভাৰতীয় অভিনেতা প্রয়াত ঋষি কাপুৰ আৰু ইৰফান খানক সশ্রদ্ধ সোঁৱৰণ কৰে বাফটাই৷

ভার্চুৱেলী এই বঁটাৰ বাবে মনোনীত শিল্পীসকলে অংশগ্রহণ কৰে৷ ৭৪সংখ্যক বাফটা বঁটাত শ্রেষ্ঠ ছবি হিচাপে বিবেচিত হয় আমেৰিকা যুক্তৰাষ্ট্রৰ ছবি ন’মাডলেণ্ড৷ এই ছবিখনৰে অভিনেত্রী ফ্রান্সেছ মেকডৰমাণ্ডে শ্রেষ্ঠ অভিনেত্রীৰ বঁটা লাভ কৰে৷ ইয়াৰ উপৰি ন’মাণ্ডলেণ্ডৰ পৰিচালক ক্ল’ ঝাৱে লাভ কৰে শ্রেষ্ঠ পৰিচালকৰ বঁটা৷ শ্রেষ্ঠ চিত্রগ্রহণকাৰীৰ বঁটাও ন’মাডলেণ্ডে লাভ কৰিবলৈ সক্ষম হয়৷

ইপিনে, দ্য ফাদাৰ শীর্ষক ছবিখনৰ বাবে শ্রেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰে এন্থনী হপকিন্সে৷ তেনেদৰে শ্রেষ্ঠ সহভিনেতাৰ সন্মান জুডাছ এণ্ড দ্য ব্লেক মেছিয়াৰ বাবে ডেনিয়েল কালুৱাই লাভ কৰাৰ বিপৰীতে মিনাৰী ছবিখনৰ বাবে শ্রেষ্ঠ সহভিনেত্রীৰ বঁটা লাভ কৰে য়ুজুং য়ুনে৷ শ্রেষ্ঠ সম্পাদনাৰ বঁটা ছাউণ্ড অৱ মেটেল৷

শ্রেষ্ঠ মৌলিক চিত্রনাট্য প্রমিজিং য়ুং ৱ’মেনৰ বাবে এমাৰেল ফেনেলে৷ আধাৰিত চিত্রনাট্যৰ বঁটা লাভ কৰে দ্য ফাদাৰৰ বাবে খ্রিষ্টফাৰ হেম্পটন আৰু ফ্ল’ৰিয়ান জেলাৰে৷ শ্রেষ্ঠ ব্রিটিছ চুটি ছবিৰ সন্মান দ্য প্রেজেণ্টলৈ আগবঢ়োৱা হৈছে৷ ইংৰাজী ভাষাৰ বাহিৰৰ শ্রেষ্ঠ ছবি মাই অক্টোপাছ টীচাৰ৷

You might also like