নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

IPL ত ৰিয়ান পৰাগৰ বীৰত্বঃ কোবালে ৩ টাকৈ বৃহৎ ছিক্সাৰ

নিয়মীয়া বাৰ্তা, ১৩ এপ্রিলঃ ৱাংখেড়ে ষ্টেডিয়ামত সোমবাৰে অনুষ্ঠিত এখন হাই স্ক’ৰিং মেচত  পঞ্জাব কিংছে চাৰি ৰানত পৰাস্ত কৰে ৰাজস্থান ৰয়েলছক৷  ২২২ ৰানৰ বৃহৎ লক্ষ্যৰ পিছ লৈ ৰাজস্থান ৰয়েলছে নির্ধাৰিত ২০ অ’ভাৰত সাত উইকেটৰ বিনিময়ত ২১৭ ৰানত থমকি ৰয়৷

পৰাস্ত হ’লেও সঞ্জুৱে ৬৩ বলত ১২টা বাউণ্ডেৰী আৰু সাতটা ছিক্সাৰৰ সহায়ত ১১৯ ৰানৰ দুর্দান্ত ইনিংছ খেলে৷ সমান্তৰালকৈ ৰিয়ান পৰাগে ১১টা বলত এটা বাউণ্ডেৰী আৰু তিনিটা ছিক্সাৰেৰে ২৫ ৰান কৰে৷

ইপিনে অসম সন্তান ৰিয়ান পৰাগে এক অ’ভাৰত সাত ৰান ব্যয় কৰি এটা উইকেট লাভ কৰিবলৈও সক্ষম হয়৷ ৰিয়ানে বিস্ফোৰক বেটছমেন ক্রিছ গেইলক আউট কৰে৷

You might also like