নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পি ভি সিন্ধুৰ অভিলেখ : আঁজুৰিলে জাপান অ’পেনৰ খিতাপ

ডিজিটেল ডেস্ক, ১৯ জুলাই : ভাৰতীয় বেডমিণ্টন তাৰকা পি ভি সিন্ধুই ৰচনা কৰিলে এক নতুন ইতিহাস। প্ৰথমগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈ হিচাপে জাপান অ’পেন চেম্পিয়নশ্বিপ জয় কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে সিন্ধুই। দেওবাৰে অনুষ্ঠিত মহিলা এককৰ তীব্ৰ উত্তেজনাপূৰ্ণ ফাইনেল মেচখনত সিন্ধুই ২১-১৭, ২১-১৭ৰ পোনপটীয়া গেমত জাপানৰ শক্তিশালী খেলুৱৈ আকানে য়ামাগুচিক পৰাস্ত কৰে। এই ঐতিহাসিক জয়ৰ লগে লগে দীৰ্ঘ দুবছৰৰ মূৰত কোনো বৃহৎ প্ৰতিযোগিতাত খিতাপ দখল কৰিবলৈ সক্ষম হ’ল অলিম্পিকত দুবাৰকৈ পদক বিজয়ী ভাৰতীয় তাৰকাগৰাকীয়ে।

বহুদিনৰ বিৰতিৰ পিছত দেওবাৰে কোৰ্টত সিন্ধুক তেওঁৰ পৰিচিত আক্ৰমণাত্মক ৰূপত প্ৰত্যক্ষ কৰা গ’ল। খেলৰ আৰম্ভণিৰে পৰা ৩১ বছৰীয়া ভাৰতীয় খেলুৱাগৰাকীয়ে বিশ্বৰ তিনি নম্বৰ খেলুৱৈ য়ামাগুচিক কোৰ্টৰ ইমূৰৰ পৰা সিমূৰলৈ দৌৰিবলৈ বাধ্য কৰে। উল্লেখ্য যে বৰ্তমান বিশ্ব ৰেংকিঙৰ ১০ নম্বৰ স্থানত থকা সিন্ধু এই মেচখনত নমাৰ সময়ত পূৰ্বৰ পৰিসংখ্যাৰ ফালৰ পৰা কিছু পিছপৰি আছিল, কিয়নো বিগত চাৰি বছৰত তেওঁ সম্পূৰ্ণ খেল হোৱা কোনো মেচতে বিশ্ব চেম্পিয়ন য়ামাগুচিক হৰুৱাব পৰা নাছিল। কিন্তু দেওবাৰৰ ফাইনেলত সিন্ধুৰ দুৰ্দান্ত কৌশলে ধূলিসাৎ কৰিলে সকলো পুৰণি পৰিসংখ্যা।

খেলখনৰ প্ৰথম গেমত সিন্ধুই প্ৰথমতেই ৩-০ ব্যৱধানত অগ্ৰগতি লাভ কৰে। অৱশ্যে নিজৰ কেইটামান ভুলৰ সুযোগ লৈ য়ামাগুচিয়ে স্ক’ৰ ৩-৩ কৰে। ইয়াৰ পিছত দুয়োগৰাকী খেলুৱৈৰ মাজত সমানে সমানে যুঁজ চলে। এসময়ত স্ক’ৰ ১১-১১ হৈ থকা অৱস্থাত সিন্ধুই এক চমত্কাৰ ৩৬টা শ্বটৰ ৰেলী জিকি খেলৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ আনে আৰু ১৬-১২ ব্যৱধানত আগুৱাই যায়। এই ব্যৱধান অতিক্ৰম কৰিব নোৱাৰি অৱশেষত য়ামাগুচিয়ে প্ৰথম গেমটো ২১-১৭ ব্যৱধানত হেৰুৱায়।

দ্বিতীয় গেমত জাপানী তাৰকাগৰাকীয়ে প্ৰত্যাক্ৰমণ কৰি একেৰাহে ৬ পইণ্ট অৰ্জন কৰি ৮-৩ ব্যৱধানত আগবাঢ়ি যায়। এসময়ত য়ামাগুচিয়ে ১১-৭ৰ অগ্ৰগতি লৈছিল যদিও ধৈৰ্য নেহেৰুৱাকৈ সিন্ধুই খেললৈ সুন্দৰ প্ৰত্যাৱৰ্তন কৰে। খেলখন ১৭-১৫ হৈ থকা অৱস্থাত য়ামাগুচিয়ে ৩৮টা শ্বটৰ ৰেলী জিকি সমতা স্থাপন কৰিছিল যদিও শেষৰফালে কৰা কেইটামান ভুলৰ বাবে সিন্ধু ১৯-১৭ত আগুৱাই যায়। ইয়াৰ পিছত বিপক্ষক কোনো সুযোগ নিদি ২১-১৭ ব্যৱধানত দ্বিতীয় গেমটোও জিকি খিতাপ নিশ্চিত কৰে সিন্ধুই।

You might also like