ডিজিটেল ডেস্ক, ১৯ জুলাই : ধুবুৰী জিলাৰ অসম-বংগ সীমান্তৰ ছাগলীয়াত ১৪টাকৈ উটভৰ্তি ট্ৰাক জব্দ কৰে ছাগলীয়া আৰক্ষীয়ে।
পশ্চিমবংগৰ পৰা অসমত প্ৰৱেশৰ সময়ত ছাগলীয়া আৰক্ষীয়ে জব্দ কৰে কৰে উটভৰ্তি বাহনখন। বহিঃৰাজ্য ৰাজস্থানৰ পৰা ১৪টাকৈ উট ট্ৰাকত ভৰ্তি কৰি আনিছিল। ছাগলীয়া আৰক্ষীয়ে পি বি-০৪ এ ডি-৯৯১০ নম্বৰৰ উটভৰ্তি বাহনখন জব্দ কৰাৰ লগতে চালক-হেণ্ডিমেনক আটক কৰে।
ধৃত চালক ইত্তাৰ সিং আৰু হেণ্ডিমেন ছলমান খান বুলি জানিব পৰা গৈছে । ছাগলীয়া আৰক্ষীয়ে চালক আৰু হেণ্ডিমেনক ইতিমধ্যে আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে ।