নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বকাপ লাভৰ ক্ষেত্র নহয়, নহয় সুৰাপানৰ ক্ষেত্র- কাটাৰৰ বিশ্বকাপ ফুটবলে প্রতিদিনে দিছে এই বার্তা

  •  ডোহাৰ পৰা পংকজ শর্মা

 

২৮ লাখ জনসংখ্যা৷ অসমৰ কার্বি আংলং জিলাৰ সমান ক্ষুদ্র দেশ এখনে কিয় বিশ্বকাপ আয়োজনৰ স্বত্ব পাব আনকি সুন্দৰকৈ বিশ্বকাপ চলি থকাৰ সময়তো ওৰ পৰা নাই এই বিতর্কৰ৷ কিন্তু তাতোকৈ ডাঙৰ কথাটো হৈছে কাটাৰে কিয় বিশ্বকাপ আয়োজন কৰিলে? বিশ্বকাপৰ কেৱল আন্তঃগাঁথনিৰ বাবেই কাটাৰে ব্যয় কৰিছে ২০ লাখ কোটি টকা৷ এই পৰিমাণ অসমৰ জি ডি পিতকৈ ৪ গুণ বেছি৷ কাটাৰ সুন্দৰ চহৰ যদিও এনেকুৱা নহয় যে পর্যটকক আকর্ষণৰ বাবেই বিশ্বকাপৰ আয়োজন কৰিছে৷ প্রকৃততে মধপ্রাচ্যৰ ছৌদি আৰব, কাটাৰ, কুৱেইট, ওমান, ইউএইৰ মাজত কোন শ্রেষ্ঠ হ’ব তাৰ প্রতিযোগিতাৰ বাবেহে কাটাৰত বিশ্বকাপ৷ কি সুন্দৰ এই প্রতিযোগিতা৷ য’ত সকলোৱে বেছি উন্নত আৰু বেছি ভাল তথা নমনীয় হ’বলৈ অনবৰতে চেষ্টা কৰি থাকে৷ ৰক্ষণশীলতাত কাটাৰ ডুবি থকাৰ সময়তে ১৯৯৬ চনত দেশখনৰ পৰা জন্ম হৈছিল আলজাজিৰা নামৰ নিউজ চেনেলটোৰ৷ শতাধিক বছৰে সলনি নোহোৱা কাটাৰক নতুন কথা চিন্তা কৰিবলৈ, নতুন পৃথিৱীৰ অংশ হ’বলৈ আগুৱাই লৈ গ’ল আলজাজিৰাই৷ তাৰ পাছত আজি ইতিহাস গঢ়ি বিশ্বকাপ সফলতাৰে চলি আছে ডোহাত৷ ইমান নিখুঁত, ইমান পৰিপক্ব ব্যৱস্থা নেদেখিলে অনুভৱ কৰা অসম্ভৱ৷ যেন হিজা আৰু বোর্খা পিন্ধি থকা মহিলাগৰাকীকো পর্যটকৰ সৈতে হাঁহিবলৈ প্রশিক্ষণ দিয়া হৈছে৷

কাটাৰত খোজকাঢ়ি গৈ থাকোঁতে আপোনাক মাতিবলৈ আহিব… এইফালে আহক, এইফালে আহক… আমাৰ এই ষ্টেচনৰ পৰা মেট্র’ত উঠক৷ আপুনি ভাবিব পাৰে মেট্র’ত এনেকৈ উঠালে উঠোৱাজনে কমিছন পাব৷ কিন্তু মেট্র’ত উঠি দেখিব ভাৰা লোৱাৰ ব্যৱস্থাই নাই৷ বাছ–মেট্র’ সকলো বিনামূলীয়া৷ পশ্চিমীয়া দেশৰ দৰে মার্কেটিঙেৰে পকেট খালী কৰাৰ প্রৱণতাৰ বিপৰীতে কাটাৰত সকলো বিনামূলীয়া কৰাৰ যেন প্রতিযোগিতা৷ ইমান বিনামূলীয়া মনোৰঞ্জনৰ ব্যৱস্থা বিশ্বকাপৰ হতিহাসত ক’তো নাছিল৷ প্রথম আপুনি টিকট কৰিছে, হায়া কার্ড বনাইছে৷ কোনো ভিছা ফী নাই৷ বিমানবন্দৰ পৰা ওলাই খেলৰ টিকট দেখুৱাক, বিনামূলীয়াকৈ লৈ যাব ষ্টেডিয়ামলৈ৷ খেল শেষ হোৱাৰ পাছত ফেন জ’নত আছে নাচ–গান, অলেখ মনোৰঞ্জনৰ ব্যৱস্থা৷ আপুনি যদি বিহু গাব জানে তেন্তে মঞ্চত উঠি বিহু আৰম্ভ কৰক৷ বিশ্বৰ ২০০খন দেশৰ ফুটবলপ্রেমীয়ে আপোনাৰ বিহুৰ তালে তালে নাচিব৷ তাৰ পাছত আপুনি একেদিনাই ঘূৰিব বিচাৰে যদি মেট্র’ত উঠি বিমানবন্দৰলৈ আহি ঘৰলৈ উভতি আহক৷ ফোন কৰাৰ বাবে আপুনি পাব বিনামূলীয়া ছিম û’î পাব আনলিমিটেড ক’লৰ সুবিধা৷ আপোনাৰ যদি যিকোনো এখন মেচৰ টিকট থাকে, কাটাৰত এটকাও খৰচ নকৰাকৈ ঘৰলৈ ঘূৰি আহিব পাৰিব৷ সমগ্র বিশ্বত লোকেল ইজ ভোকে শ্লোগানৰ মাজতেই কাটাৰত ছুইপাৰৰ পৰা ইঞ্জিনীয়াৰৈ সকলো বিদেশী৷

এই বিদেশীৰ ভিতৰত সিংহভাগেই ভাৰতীয়৷ বিশ্বকাপৰ বেছিভাগ দিশ নির্দেশক চিনবোৰত আৰবীৰ পাছতেই কিন্তু হংৰাজীৰ আগতেই হিন্দী, কন্নড় ভাষা৷ কাটাৰত সংগীত নিষিদ্ধ বুলি অপপ্রচাৰ চলি থকা সময়তে কাটাৰৰ ৰাজপথেদি ২ কিলোমিটাৰ পথ যদি খোজকাঢ়ে, তেন্তে মাইকত গাই থকা বা বাজি থকা জনপ্রিয় হিন্দী গীত শুনিবই৷ ফুটবলৰ প্রেমে কাটাৰত ভাষাৰ প্রয়োজন নোহোৱা কৰিছে৷ মাত্র এটা শব্দ জানিলেই হ’ল– সুকৰণ, মানে ধন্যবাদ৷ ক’তো কোনো হকা–বাধা নাই, ব্যৱহাৰত বিদেশী–লোকেলৰ পার্থক্য বুজাৰ উপায় নাই৷ টেকন’লজি ইমানেই উন্নত যে আপোনাৰ কাষেৰে টেক্সি পাৰ হৈ যোৱাৰ সময়ত আপুনি টেক্সিখনৰ ৱাইফাই পাই যাব৷

পৰিৱেশ ইউৰোপৰ যিকোনো এখন দেশৰ দৰেই মুক্ত৷ চুটি হাফপেণ্ট পিন্ধি হাতত ধৰাধৰিকৈ পৰম্পৰাগত সাজ পিন্ধা লোকেল কাটাৰীজনৰ কাষেৰে পাৰ হৈ গৈছে ব্রিটিছ কিশোৰ–কিশোৰী৷ আচলতে ইউএইৰ পাছত কাটাৰে সদায় ৰাজত্ব কৰাৰ মানসিকতা ৰখা আমেৰিকা আৰু পশ্চিমীয়া শক্তিক নিচাত্মিকাবোধত ভোগাবলৈ বাধ্য কৰাইছে৷ কাটাৰে বার্তা দিছে, বেলেগে যি কৰে, য’ত কৰে, লাভ লৈ থাকক, মানুহক লুটি থাকক৷ বিশ্বকাপ লাভ লোৱাৰ ক্ষেত্র নহয়, বিশ্বকাপত সুৰাপান কৰাই লুটাৰ প্রৱণতা নাৰাখিব৷ কাটাৰৰ এই ইতিবাচক মানসিকতাৰ বাবেই আজি বেকফুটত ফিফা আৰু ফুটপ্রেমীৰ বাবে নয়নৰ মণি কাটাৰ৷ সুৰা আৰু সুন্দৰী নহ’লে ফুটবল নচলে বুলি ফিফাই যোৱা ৯টা দশক ধৰি চলাই থকা অপপ্রচাৰ ধূলিসাত কৰি দিলে কাটাৰে৷ এই পৃথিৱীত আধিপত্য কেৱল এটা মিথ৷ তাৰ বাবেই সুৰা নোহোৱাকৈ সুন্দৰ বিশ্বকাপ হ’ব পাৰে, জাপানে জার্মানীক, কেমেৰুনে ব্রাজিলক, কোৰিয়াই পর্তুগালক, ফ্রান্সক হেৰুৱাব পাৰে৷ কোনো আধিপত্য, কোনো নোহোৱাৰ কথা নাই৷ ভাৰততো হ’ব পাৰে বিশ্বকাপ ফুটবল৷ অসম্ভৱ বুলি যে একো নাই, কাটাৰৰ পৰিৱেশ আৰু কাটাৰৰ মেচে প্রতিদিনেই দি গৈছে এই বার্তা৷

You might also like