নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্কুলত কিয় পলমকৈ উপস্থিত ? অধ্যক্ষই কাঠৰ বাটামেৰে কোবাই আহত কৰিলে সহকাৰী শিক্ষকক; চিকিৎসালয়ত ভর্তি

  • কলগাছিয়াৰ সাওৰাচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অঘটন
  • অধ্যক্ষই কাঠৰ বাটামেৰে কোবাই আহত কৰিলে সহকাৰী বিষয় শিক্ষকক, চিকিৎসালয়ত ভর্তি

 

নিয়মীয়া বাৰ্তা, ৬ডিচেম্বৰৰ: আকৌ এবাৰ শিক্ষকতাৰ পৱিত্র বৃত্তিত কালিমা সানিলে স্বয়ং বিদ্যালয়ৰ অধ্যক্ষ এগৰাকীয়ে৷ লজ্জাজনক ঘটনাটো সংঘটিত হৈছে বৰপেটা জিলাৰ বিদ্যালয়সমূহৰ পৰিদর্শকৰ কার্যালয়ৰ অন্তর্গত সাওৰাচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত৷ জানিব পৰা মতে বিদ্যালয়খনৰ বিষয় শিক্ষক ছাবান আলীয়ে ১০.৫ বজাত বিদ্যালয়লৈ আহে যদিও শিক্ষক হাজিৰা বহীত ৯ বজাত অহা বুলি চহী কৰে আৰু অধ্যক্ষ মুক্তাৰ আলীৰ বিষয়টো দৃষ্টিগোচৰ হয়৷ অধ্যক্ষ মুক্তাৰ আলীয়ে এই কথা বিষয় শিক্ষক ছাবান আলীক সোধা–পোছা কৰাত ছাবান আলীয়ে পুনৰ নির্দিষ্ট অহা সময় ১০.৫ লিখি শিক্ষক হাজিৰা বহীত চহী কৰে৷ তাৰে আধা ঘণ্টামান পাছত শিক্ষক হদ্রিছ আলী, ছাহাদত আৰু ছাবান আলী তিনিওজনে একেলগে অধ্যক্ষৰ কোঠালিত প্রৱেশ কৰি অধ্যক্ষ মুক্তাৰ আলীক অকথ্য ভাষাৰে গালি–গালাজ কৰে বুলি অধ্যক্ষ মুক্তাৰ আলীয়ে সাংবাদিকৰ আগত গুৰুতৰ অভিযোগ উত্থাপান কৰে৷

ইপিনে আন একাংশহ অভিযোগ কৰা মতে অধ্যক্ষ মুক্তাৰ আলীয়ে কোনো প্রশ্ণৰ অৱতাৰণা নকৰাকৈ সহকাৰী বিষয় শিক্ষক ছাবান আলীক কাঠৰ বাটামেৰে কোবাই আহত কৰে অধ্যক্ষৰ নিজা কোঠালিত৷ অধ্যক্ষগৰাকীয়ে সহঃ শিক্ষক ছাবান আলীক তেওঁৰ কার্যালয় কক্ষত মাতি নি প্রহাৰ কৰে বুলি অভিযোগ উত্থাপিত হৈছে৷ সম্প্রতি শিক্ষক ছাবান আলীক কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ভর্তি কৰাই চিকিৎসা প্রদান কৰা হৈছে৷ এই পর্যন্ত ঘটনাৰ প্রকৃত ৰহস্য জানিব পৰা হোৱা নাই৷ আজি বহু দিন ধৰি বিদ্যালয়ত অধ্যক্ষ, একাংশ শিক্ষক, একাংশ ছাত্র–ছাত্রী, বিদ্যালয় পৰিচালনা সমিতি আৰু অভিভাৱকসকলৰ মাজত গ্রুপিং হোৱা পৰিলক্ষিত হৈছে৷ যাৰ ফলত বিদ্যালয়খনত শৈক্ষিক পৰিৱেশ দিনে দিনে বিনষ্ট হোৱা বুলি অভিযোগ উঠিছে৷

You might also like