নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কার্তিকক সন্মূখত ৰাখি দ্রাবিড়ৰ নতুন মন্ত্র

নিয়মীয়া বাৰ্তা, ২১ জুনঃ ভাৰতীয় ক্রিকেটত নতুন মন্ত্রৰ সঞ্চাৰ কৰিছে ৰাহুল দ্রাবিড়ে৷ সেই মন্ত্রেৰে দলৰ সন্মূখত দ্রাবিড়ে দৃষ্টান্ত হিচাপে ৰাখিছে দীনেশ কার্তিকক৷ ভাৰতীয় দলৰ প্রশিক্ষকৰ মন্ত্র হৈছে ‘এতিয়া আৰু ৰাষ্ট্রীয় দলত প্রৱেশৰ বাবে কেৱল দুৱাৰত টোকৰ মাৰিলেই নহ’ব, একেবাৰে দুৱাৰ ভাঙি প্রৱেশ কৰিব লাগিব৷’ বাংগালুৰুত শৃংখলা অমীমাংসিতভাৱে সমাপ্ত হোৱাৰ পিছতে সংবাদ মেলত দ্রাবিড়ে কয় ‘মই দলৰ সকলোকে কৈছোঁ, দুৱাৰত টোকৰ মৰাটোৱে যথেষ্ট নহ’ব৷ দুৱাৰ ভাঙি সোমাব লাগিব৷ কার্তিকে তাকেই কৰিছে৷ ৰাজকোটত কার্তিকৰ অর্ধশতৰানেই তাৰ প্রমাণ৷ নিজৰ যোগ্যতাৰে দলত স্থান অর্জন কৰিছে তেওঁ৷’ উল্লেখ্য যে দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে সুন্দৰ প্রদর্শন দাঙি ধৰিছে দীনেশ কার্তিকে৷ টি–২০ ক্রিকেটত অভিষেকৰ ১৬ বছৰ পিছত এই শৃংখলাতে তেওঁ প্রথম অর্ধশতৰান কৰিছে৷ ভাৰতীয় দলত ফিনিছাৰৰ ভূমিকাত দেখা গৈছে তেওঁক৷ কার্তিকৰ প্রদর্শনত মুগ্ধ দলৰ প্রশিক্ষক ৰাহুল দ্রাবিড়ো৷ তেওঁ জানিবলৈ দিয়ে যে নিজৰ যোগ্যতাৰে দলত স্থান লাভ কৰিছে কার্তিকে৷ এইবাৰৰ আই পি এলত ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ হৈ ফিনিছাৰৰ ভূমিকাত অৱতীর্ণ হৈছে কার্তিক৷ আই পি এলত ভাল খেলি টীম ইণ্ডিয়াত স্থান নিশ্চিত কৰিছে খেলুৱৈগৰাকীয়ে৷ সেইবাবেই কার্তিকক দলত লোৱা হৈছে বুলি জানিবলৈ দিয়ে দ্রাবিড়ে৷ তেওঁ কয় ‘কার্তিকৰ এক বিশেষ দক্ষতাৰ বাবে তেওঁক দলত অন্তর্ভুক্ত কৰা হৈছে৷ বিগত ২–৩ বছৰ ধৰি ধাৰাবাহিকভাৱে তেওঁ এই কামটো কৰি আহিছে৷ সেয়া হ’ল দলক বিজয়ী কৰাই তেওঁ খেলপথাৰ এৰিছে৷ তেওঁ যে নিজৰ যোগ্যতাৰ প্রমাণ দিছে তাকে দেখি ভাল লাগিছে৷’ কেৱল কার্তিকেই নহয়, ভাৰতীয় দলত হার্দিক পাণ্ডিয়াও দ্রাবিড়ৰ পছন্দ৷ এই প্রসংগত তেওঁ কয় ‘ৰাজকোটত তেওঁলোকৰ যুটি দেখা গৈছে৷ ডেথ অ’ভাৰত দুয়ো ভয়ংকৰ হৈ পৰে৷ অন্তিম ৫–৬ অ’ভাৰত তেওঁলোকে নিজৰ ছন্দ অনুসৰি খেলিব পাৰিলে আমি বৃহৎ ৰান সংগ্রহ কৰিব পাৰিম৷ খেলৰ ৰং সলনি কৰি দিব পাৰে তেওঁলোকে৷’

You might also like