নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : জলবায়ু পৰিৱর্তন আৰু অসমৰ কৃষিখণ্ড

অসমৰ অর্থনীতি আৰু গ্রাম্য সমাজখনৰ মূল ভেটিটোৱেই হৈছে কৃষি৷ যুগ যুগ ধৰি বৰষুণৰ অনুকূল ঋতুচক্র আৰু ব্রহ্মপুত্র–বৰাক উপত্যকাৰ পলসুৱা ভূমিৰ ওপৰত নির্ভৰ কৰি আমাৰ কৃষকসকলে পৰম্পৰাগত কৃষিকার্য পৰিচালনা কৰি আহিছে৷

কিন্তু বর্তমান গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱর্তনৰ ভয়াৱহতাৰ পৰা আমাৰ ৰাজ্যখনো মুক্ত হৈ থকা নাই৷ অনিয়মিত বৰষুণ, অসময়ত হোৱা ভয়াৱহ বানপানী, দীঘলীয়া খৰাংসদৃশ পৰিস্থিতি আৰু সঘনাই সলনি হোৱা ঋতুচক্রই অসমৰ পৰম্পৰাগত কৃষিখণ্ডক এক গভীৰ সংকটৰ দিশলৈ ঠেলি দিছে৷

প্রকৃতিৰ এই পৰিৱর্তনৰ সৈতে আমাৰ কৃষকসকলে কেনেদৰে যুদ্ধ কৰিব সেইটোৱেই এই সময়ৰ এটা জটিল প্রশ্ন৷ অসমৰ খেতিয়কসকলে শালি ধান, বাওধান বা বিভিন্ন শস্যৰ বাবে প্রকৃতিৰ স্বাভাৱিক নিয়মৰ ওপৰত নির্ভৰ কৰে৷ জেঠ–আহাৰ মাহত নিয়মীয়া বৰষুণ হ’ব আৰু শাওণত ৰুব পৰাকৈ পানী হ’ব– এয়াই আছিল চিৰাচৰিত নিয়ম৷

কিন্তু মৌচুমী বায়ুৰ আগমন অনিশ্চিত হৈ পৰিছে৷ কেতিয়াবা খেতিৰ সময়ত বৰষুণৰ টোপাল এটাও নাই, আকৌ কেতিয়াবা পকা ধান কাটিবৰ সময়ত ধাৰাসাৰ বৰষুণ আৰু কৃত্রিম বানপানী৷ একেদৰে শীতকাল চুটি আৰু তুলনামূলকভাৱে গৰম হৈ অহাৰ বাবে ৰবি শস্যৰ উৎপাদনো আশানুৰূপ হোৱা নাই৷

এনে পৰিৱর্তনে কেৱল উৎপাদন হ্রাস কৰাই নহয়, বৰঞ্চ নতুন নতুন কীট–পতংগ আৰু শস্যৰ বেমাৰ–আজাৰ বৃদ্ধি কৰিছে৷ যাৰ ফলত কৃষকসকল দিশহাৰা হৈ পৰিছে৷ এই ভয়াৱহ পৰিস্থিতিৰ পৰা পৰিত্রাণ পাবলৈ আৰু অসমৰ কৃষিখণ্ডক পুনৰ উজ্জীৱিত কৰি তুলিবলৈ চৰকাৰী পর্যায়ত তৎকালীন আৰু দীর্ঘম্যাদী পৰিকল্পনাৰ অত্যন্ত প্রয়োজন হৈ পৰিছে৷

কেৱল পৰম্পৰাগত সাহায্য বিতৰণেৰে এহ বৃহৎ প্রত্যাহ্বানৰ মুখামুখি হোৱাটো সম্ভৱ নহয়৷ চৰকাৰে অসম কৃষি বিশ্ববিদ্যালয় আৰু অন্যান্য গৱেষণা প্রতিষ্ঠানসমূহৰ সৈতে মিলি বানপানী সহিব পৰা আৰু খৰাং পৰিস্থিতিৰ সৈতে যুঁজিব পৰা ধানৰ বীজৰ উৎপাদন আৰু বিতৰণ ব্যৱস্থা ব্যাপকভাৱে কৰিব লাগিব৷ কম দিনৰ ভিতৰত পূৰঠ হৈ উঠা শস্যৰ প্রজাতিসমূহক উদগনি দিব লাগিব যাতে বানপানী অহাৰ পূর্বেই কৃষকে শস্য চপাব পাৰে৷

কেৱল বৰষুণৰ পানীৰ ওপৰত নির্ভৰ কৰি থকাৰ দিন এতিয়া আৰু নাই৷ খৰাংসদৃশ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ চৰকাৰে সৌৰশক্তিচালিত জলসিঞ্চন পাম্প আৰু অন্যান্য আধুনিক প্রযুক্তি প্রতিগৰাকী প্রান্তীয় কৃষকৰ বাবে সুলভ কৰি তুলিব লাগিব৷

ৰাজ্যৰ পুৰণি আৰু অচল হৈ থকা জলসিঞ্চন আঁচনিসমূহ যুদ্ধকালীন তৎপৰতাৰে মেৰামতি কৰি কার্যক্ষম কৰি তোলাটো অতি জৰুৰী৷ অসমৰ কৃষকে সাধাৰণতে অকল এটা বা দুটা শস্যৰ ওপৰত নির্ভৰ কৰে৷ তাৰ পৰিৱর্তে বহু শস্য বা মিশ্রিত খেতিৰ বাবে কৃষক সমাজক উৎসাহিত কৰিব লাগিব৷

ধান খেতিৰ লগতে মীনপালন, পশুধন পালন বা উদ্যান শস্যৰ সংমিশ্রণে কৃষক এজনৰ আর্থিক লোকচানৰ আশংকা বহুখিনি হ্রাস কৰে৷ এই চিন্তাবোৰ অসমত আছে, কিন্তু সেইবোৰে কৃষক সমাজক ভালদৰে প্রভাৱিত কৰিব পৰা নাই৷

ইয়াৰ বাবে চৰকাৰে বিশেষ প্রশিক্ষণ আৰু ৰাজসাহায্যৰ ব্যৱস্থা কৰা উচিত৷ জলবায়ু পৰিৱর্তনৰ এই যুগত বতৰৰ সঠিক পূর্বানুমান কৃষকৰ বাবে সঞ্জীৱনী সুধাৰ দৰে৷ জিলা বা ব্লক পর্যায়ত ডিজিটেল মাধ্যমেৰে বতৰৰ আগলি বতৰা কৃষকলৈ নিয়াৰ এক সুসংহত ব্যৱস্থা গঢ়ি তোলাটো প্রয়োজনীয়৷

প্রাকৃতিক দুর্যোগৰ বাবে শস্য নষ্ট হ’লে কৃষকসকলে যাতে মূৰত হাত দি বহিবলগীয়া নহয়, তাৰ বাবে ‘প্রধানমন্ত্রী ফচল বীমা যোজনা’ৰ দৰে আঁচনিসমূহৰ সুবিধা অসমৰ প্রতিটো চুক–কোণলৈ সম্প্রসাৰিত কৰিব লাগিব৷ বীমাৰ ধন লাভ কৰাৰ প্রক্রিয়াটো অধিক সৰল আৰু দুর্নীতিমুক্ত কৰাটো চৰকাৰৰ এক ডাঙৰ দায়িত্ব৷

সময় সলনি হৈছে আৰু তাৰ লগে লগে প্রকৃতিৰ মেজাজো সলনি হৈছে৷ আমাৰ পুৰণি কৃষি পদ্ধতিৰে এই নতুন প্রত্যাহ্বানৰ মুখামুখি হোৱাটো এতিয়া অসম্ভৱপ্রায়৷ চৰকাৰী নীতি, বৈজ্ঞানিক গৱেষণা আৰু কৃষকৰ পৰম্পৰাগত জ্ঞান– এই তিনিওটাৰ সমন্বয় ঘটিলেহে অসমৰ কৃষিখণ্ডই এই সংকটকাল পাৰ কৰিব পাৰিব৷ চৰকাৰে এইক্ষেত্রত কেৱল আঁচনি প্রস্তুত কৰিয়েহ ক্ষান্ত নাথাকি ইয়াৰ সফল ৰূপায়ণ নিশ্চিত কৰাটো বর্তমান সময়ৰ দাবী৷

You might also like