নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি গুৱাহাটীত হাইভল্টেজ মেচত চেন্নাইৰ বিৰুদ্ধে ৰাজস্থানৰ যুঁজ

ডিজিটেল ডেস্ক, ৩০ মার্চ : শনিবাৰৰ পৰা আৰম্ভ হোৱা আইপিএলৰ আজি প্রথমখন মেচত ৰিয়ান পৰাগ নেতৃত্বাধীন ৰাজস্থান ৰয়েলছে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে বর্ষাপাৰাত খেলিব৷ এই হাইভল্টেজ মেচখনৰ বাবে অসমৰ ক্ৰিকেটপ্ৰেমীৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে। মেচখন সন্ধিয়া ৭:৩০ বজাৰ পৰা আৰম্ভ হ’ব।

উল্লেখ্য যে অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আইপিএলৰ উদ্বোধনী বর্ষৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে এইবাৰ ৭খন ঘৰুৱা মেচৰ হাইভল্টেজ ৩খন মেচ গুৱাহাটীত খেলিব৷ সেই অনুসৰি, আজি গুৱাহাটীত হ’ব লগা প্রথমখন মেচত ৰাজস্থান ৰয়েলছ ৫বাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ’ব৷

অৱশ্য়ে এই হাইভল্টেজ মেচখনত বৰষুণে বিধি-পথালি দিয়াৰ সম্ভাৱনা আছে। বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ‘বলগীয়া এই গুৰুত্বপূৰ্ণ মেচখনৰ সময়ত গুৱাহাটীত আকাশ ডাৱৰীয়া হৈ থকাৰ লগতে বৰষুণ অহাৰ পূৰ্ণ সম্ভাৱনা আছে।

ইয়াৰ পূর্বে দেওবাৰে এখন সংবাদমেল সম্বোধন কৰি ৰাজস্থান ৰয়েলছৰ মুখ্য প্রশিক্ষক তথা ক্রিকেট অধ্যক্ষৰো দায়িত্বত থকা কুমাৰ ছাংগাকাৰাই আজিৰ প্রথম মেচত এটা ভাৰসাম্য দলৰ লগত উন্নত ক্রিকেট খেলিব বুলি আত্মবিশ্বাসেৰে কয়৷ অৱশ্যে মূল একাদশ বা বেটিং–বলিং কম্প’জিছনক লৈ কোনো মন্তব্য প্রকাশ কৰা নাই প্রশিক্ষকজনে৷

ইফালে, অসম সন্তান ৰিয়ান পৰাগক দলৰ স্থায়ী অধিনায়কৰ দায়িত্ব দিয়াক লৈ মন্তব্য প্রকাশ কৰি ছাংগাকাৰাই কয় যে ৰিয়ানৰ লগত জাদেজা, সন্দীপ শর্মা, জুৰেল, জয়ছোৱালো অধিনায়কৰ তালিকাত আছিল৷ কিন্তু সকলোৰে লগত আলোচনা কৰি তথা যোৱা ছিজনত আৰ আৰ দলক নেতৃত্ব দিয়াৰ অভিজ্ঞতাৰ ফালৰ পৰা ৰিয়ানক নির্বাচিত কৰা হৈছে৷ ‘মই নিজেও অধিনায়ক আছিলোঁ৷ কেৰিয়াত বহু ভুল কৰিছোঁ ৷ কিন্তু অধিনায়কৰ দায়িত্ব হ’ল দলটোক একত্রিত কৰি ৰখা৷ ৰিয়ান এই দিশত অভিজ্ঞ তথা দক্ষ৷’– ছাংগাকাৰাই কয়৷ আইপিএলৰ নতুন নিলামৰ সুবিধা লাভ কৰাত ৰাজস্থান ৰয়েলছে এটা ভাৰসাম্য দল গঠন কৰিবলৈ সক্ষম হৈছে বুলিও তেওঁ ব্যক্ত কৰে৷

আনহাতে, অহা ৭ এপ্রিলত এচিএ ষ্টেডিয়ামৰ দ্বিতীয়খন মেচত ৰাজস্থান ৰয়েলছৰ প্রতিদ্বন্দ্বী হ’ব ৫বাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ৷ ইফালে, বিগত আইপিএলৰ চেম্পিয়ন আৰচিবিয়ে ১০ এপ্রিলত গুৱাহাটীত হ’ব লগা তৃতীয় মেচখনত ৰাজস্থানৰ মুখামুখি হ’ব৷

You might also like