সম্পাদকীয় : দীপৰ বিলত প্রদূষণ
গুৱাহাটী মহানগৰীৰ পার্শ্বৱর্তী দীপৰ বিল ৰামছাৰ ছাইটৰ অন্তর্ভুক্ত৷ আন্তঃৰাষ্ট্রীয় মান অনুসৰি এই ঐতিহাসিক জলাশয়ৰ সুৰক্ষা কঠোৰভাৱে প্রদান কৰা উচিত৷ মহানগৰীৰ বান নিয়ন্ত্রণ, ভূগর্ভৰ পানীৰ পুনৰাৱর্তনৰ লগতে ই প্রাকৃতিক সৌন্দর্য ৰক্ষাত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আহিছে৷ মাইক্র’প্লাষ্টিক বা প্লাষ্টিকৰ অতি ক্ষুদ্রকণাৰ প্রদূষণ অবিলম্বে ৰোধ নকৰিলে দীপৰ বিলৰ জীৱ–বৈচিত্র্য আৰু স্থানীয় অর্থনীতি ক্ষতিগ্রস্ত হোৱাৰ আশংকা প্রবল৷ কাৰণ বহু মাছমৰীয়াৰ জীৱিকাৰ উৎসৰূপে পৰিগণিত হৈ আহিছে দীপৰ বিল৷ এইখিনিতে মাইক্র’প্লাষ্টিকৰ প্রদূষণৰ বিষয়ে আলোচনাৰ থল আছে৷ মাইক্র’প্লাষ্টিক বুলিলে ৫ মিলিমিটাৰতকৈ ক্ষুদ্র আৰু নেন’প্লাষ্টিক বুলিলে ১ মাইক্র’মিটাৰতকৈ সৰুকণাক বুজোৱা হয়৷
সম্প্রতি মানৱ শৰীৰৰ সকলো অংগতে এই অতি ক্ষুদ্রকণাৰ অস্তিত্ব পোৱা গৈছে৷ তেজ, হাঁওফাঁও, প্লেচেণ্টা, মস্তিষ্ক, হূদপিণ্ডৰ ধমনী, অণ্ডাশয়, যকৃৎ, বৃক্ক আনহে নালাগে, মাতৃদুগ্ধতো পোৱা যায় এই মৃত্যুদূতৰূপী ক্ষুদ্রাতিক্ষুদ্র কণাৰ উপস্থিতি৷ নৱজাতকেও ভুগিব লগা হয় ইয়াৰ বিষম পৰিণতি৷ মানৱ শৰীৰত এইবিলাক জমা হৈ স্বাভাৱিক ক্রিয়াকলাপত ব্যাঘাত জন্মায়৷ কেৱল এয়াই নহয়, ই ইমানেই ভয়ংকৰ যে মানৱ শৰীৰত গধুৰ ধাতু ফ্লেথেলেট, বিছফেনল এৰ দৰে বিষাক্ত ৰাসায়নিক আৰু পেথ’জেন বহন কৰি শৰীৰৰ অভ্যন্তৰতো প্রৱেশ কৰোৱাই বিষম ৰূপ ধাৰণ কৰে৷ এতিয়া প্রশ্ণ হয়– এইবোৰ মানৱ শৰীৰত সোমায় কেনেকৈ? মাইক্র’প্লাষ্টিক খাদ্য পানীয়ৰ লগতে শ্বাস গ্রহণৰ সময়তো মানৱ শৰীৰত প্রৱেশ কৰে৷ ইয়াৰ উপৰি বিভিন্ন প্রসাধন সামগ্রী আৰু ছিন্থেটিক কাপোৰৰ জৰিয়তে ছালৰ মাধ্যমেৰে এজন ব্যক্তিৰ শৰীৰত বছৰি ১১ হাজাৰৰ পৰা ১,৯৩,০০০ কণা প্রৱেশ কৰিব পাৰে৷ মাছ–মাংস, নিমখ, চেনি, শাক–পাচলি, বটলত থকা পানী, চাহ, কফী আদিৰ জৰিয়তে আৰু বায়ুত ভাহি থকা ফাইবাৰ শ্বাস গ্রহণৰ মাধ্যমেৰে শৰীৰত প্রৱেশ কৰে৷ মাইক্র’প্লাষ্টিকৰ বিষক্রিয়া প্রক্রিয়া দীর্ঘম্যাদী আৰু নিশ্চিত হোৱা বাবে আমি যথাসম্ভৱ সাৱধানতা অৱলম্বন কৰা বাঞ্ছনীয়৷ বিষক্রিয়াৰ অন্যতম হ’ল অক্সিডেটিভ ষ্ট্রেছ বৃদ্ধি৷ আমাৰ শৰীৰত থকা এণ্টিঅক্সিডেণ্ট প্রতিৰক্ষা দুর্বল হোৱাৰ লগতে লিপিড পাৰ’অক্সিডেচন, প্র’টিন অক্সিডেচন আৰু ডিএনএ ক্ষতিৰ সন্মুখীন হয়৷ শৰীৰৰ শক্তি উৎপন্ন কৰিব পৰা মাইক্র’কণ্ড্রিয়াৰ ক্ষতি হোৱা কোষ ধ্বংস হয়৷ শৰীৰত প্রদাহ বা ইনফ্লেমেচন বাঢ়ে আৰু ইয়াৰ ফলস্বৰূপে কলাৰ ক্ষতি হয় আৰু ৰোগ প্রতিৰোধ ক্ষমতা ক্রমাৎ দুর্বল কৰি আনে৷ আন এটা ভয়াৱহ পৰিণতি হ’ল ই মানৱ শৰীৰত অহৰহ চলি থকা হৰম’ন নিঃসৰণ প্রক্রিয়াত প্রভাৱ পেলায়৷ থাইৰয়ড, অড্রিনেল, টেষ্টিকুলাৰ, অভেৰিয়ান অক্ষ প্রভাৱিত হ’লে প্রজনন সমস্যা আৰু হৰম’নৰ ভাৰসাম্য কমি যাব পাৰে৷ তদুপৰি কোষৰ ক্রিয়াকলাপ, জিনৰ বহিঃপ্রকাশ, ৰোগৰ প্রতি সঁহাৰি, পাচন প্রক্রিয়া আদিৰ বিসংগতিয়ে দেখা দিয়ে৷
শ্বাসতন্ত্রত বিভিন্ন কণাই প্রভাৱ পেলায়৷ প্রদাহ, অক্সিডেটিভ ষ্ট্রেছ, হাঁওফাঁওৰ ক্ষতি, হূদযন্ত্রৰ স্বাভাৱিক প্রক্রিয়া ব্যাহত হ’ব পাৰে৷ আনহে নালাগে, হাঁওফাঁওৰ কর্কট ৰোগ হোৱাৰো আশংকা পৰিলক্ষিত হয়৷ ধমনীত সৃষ্টি হোৱা প্লাকত যদি পলিইথিলিনৰ কণা পোৱা যায়, তেন্তে হার্ট এটেক, ষ্ট্রোক বা মৃত্যুৰ আশংকা ৪.৫ গুণ বৃদ্ধি পাই বুলি ২০২৪ বর্ষৰ এটা সমীক্ষাত প্রকাশ পাইছে৷ মাইক্র’প্লাষ্টিক প্রদূষণৰ ফলত শুক্রাণুৰ মান হ্রাস, অণ্ডকোষৰ ধাৰণ ক্ষমতা আৰু ডিম্বাশয়ৰ ফলিকল হ্রাস হোৱাৰ লগতে হৰম’ন বিঘ্নিত হয়৷ গর্ভাৱস্থাত প্লেচেণ্টা ক্ষতিগ্রস্ত হ’লে অপৈণত শিশুৰ জন্ম হোৱাৰ বিপদশংকা বাঢ়ি যায়৷ শিশুৰ বিকাশতো ই প্রভাৱ পেলায়৷ অন্তৰ প্রদাহ, গাট মাইক্র’বায়াটা পৰিৱর্তন আৰু ক’ল’ন বা বৃহদন্ত্রৰ কর্কট হোৱাৰো আশংকা বৃদ্ধি পায়৷ মস্তিষ্কক মাইক্র’প্লাষ্টিক প্রৱেশ কৰিলে ডিমেনচিয়া, এলঝেইমাৰ ৰোগৰ আশংকা বৃদ্ধি পায়৷ তদুপৰি বিভিন্ন অংগ–প্রত্যংগৰো (যেনে–যকৃৎ, বৃক্ক) ক্ষতি হ’ব পাৰে৷ জলাশয়বোৰক প্রকৃতিৰ হাঁওফাঁও বুলি কোৱা হয়৷ গুৱাহাটীৰ পার্শ্বৱর্তী প্রায় ৪ হেক্টৰজোৰা দীপৰ বিল পূর্বে ব্রহ্মপুত্রৰ সুঁতি আছিল৷ অসমৰ একমাত্র ৰামছাৰ জলাশয় দীপৰ বিলক ২০০২ বর্ষত পক্ষী অভয়াৰণ্যৰূপে ঘোষণা কৰা হয়৷ ২০০ৰো অধিক পৰিভ্রমী চৰাইৰ কল–কাকলিৰে মুখৰ হৈ থকা এই জলাশয়ৰ সৌন্দর্যই পর্যটকসকলক মুগ্ধ কৰি আহিছে৷ দীপৰ বিলৰ মাছত পিভিচি, পিপি, এবিছ আদি মাইক্র’প্লাষ্টিকৰ উপস্থিতি পৰিলক্ষিত হৈছে৷
স্থানীয় লোকসকলে ইয়াৰ মাছ খোৱাৰ ফলত খাদ্যচক্রৰ জৰিয়তে প্রৱেশ কৰাৰ আশংকা বৃদ্ধি পায়৷ ইয়াৰ ফলত প্রদাহ আৰু হূদৰোগ, প্রজনন সমস্যা আদি দীর্ঘম্যাদী স্বাস্থ্যৰ বিপদশংকা বাঢ়িব পাৰে৷ শিশু, গর্ভৱতী মহিলা আৰু দুর্বল স্বাস্থ্যৰ মানুহৰ ক্ষতিৰ সম্ভাৱনা অধিক পৰিলক্ষিত হয়৷ এই পৰিণতিৰ পৰা আঁতৰি থাকিবলৈ আমি আটায়ে সজাগতা অৱলম্বন কৰা বাঞ্ছনীয়৷ ব্যক্তিগতভাৱে একক ব্যৱহাৰযোগ্য প্লাষ্টিকৰ প্রয়োগ সীমিত কৰিব লাগে৷ কাঁচ বা ধাতুৰ বটল ব্যৱহাৰ কৰাৰ লগতে ছিন্থেটিক কাপোৰ কমকৈ ধোৱা বা ব্যৱহাৰ কৰা, ফাইবাৰ ফিল্টাৰ ব্যৱহাৰ কৰা, সতেজ খাদ্য গ্রহণ কৰা আদিৰ প্রতি লক্ষ্য ৰাখিব লাগে৷ সামাজিক ক্ষেত্রত প্লাষ্টিক বর্জ্য ব্যৱস্থাপনা উন্নত কৰা, গৱেষণা বৃদ্ধি কৰা, আন্তঃৰাষ্ট্রীয় চুক্তিত সক্রিয় ভূমিকা গ্রহণ কৰাৰ লগতে বর্জনীয় পদার্থৰ পেলোৱাটো একেবাৰে নিষিদ্ধ কৰাটো অত্যন্ত প্রয়োজনীয়৷ মাইক্র’প্লাষ্টিকৰ প্রদূষণ কেৱল পাৰিপার্শ্বিক সমস্যা হৈ থকা নাই, ই হৈ পৰিছে জনস্বাস্থলৈ ক্রমবর্ধমান ভাবুকি৷ পৰিৱেশবিদসকলে উপলব্ধি কৰিছে যে জনসজাগতা বৃদ্ধিৰে সতর্কতামূলক পদক্ষেপ গ্রহণ কৰাটো সময়ৰ জৰুৰী আহ্বান৷