নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানকাচৰত গেছ চিলিণ্ডাৰ বিস্ফোৰণত ভয়াৱহ অগ্নিকাণ্ড

মানকাচৰৰ নিউ মাৰ্কেটত নিশা এক ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। জানিব পৰা মতে, বজাৰখনৰ মাজত থকা জাহিনুৰ নামৰ এজন স্থানীয় ব্যৱসায়ীৰ চাহ দোকানত হঠাতে অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে।

চাহৰ দোকানত থকা দুটাকৈ গেছ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত জুইৰ লেলিহান শিখাই সমগ্ৰ অঞ্চলটোত ভয়াৱহ পৰিৱেশৰ সৃষ্টি কৰে। চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত হোৱা এই অগ্নিকাণ্ডত জাহিনুৰৰ চাহ দোকানখন সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হয়।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু তৎপৰতাৰে জুই নিৰ্বাপণৰ কামত লাগে। অগ্নিনিৰ্বাপক বাহিনীৰ ক্ষিপ্ৰ কাৰ্যব্যৱস্থাৰ বাবেই বজাৰখনৰ অন্যান্য দোকান-পোহাৰসমূহ এক বৃহৎ অগ্নিকাণ্ডৰ গ্ৰাসৰ পৰা ৰক্ষা পৰে।

নিয়মীয়া বাৰ্তা, মানকাচৰ, ৬ ফেব্ৰুৱাৰী :

You might also like