নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঋষভ পণ্টক পুনৰ জৰিমনা

🔹 সতীর্থকো বিহিলে শাস্তি

বিশেষ বাৰ্তা, ৫ এপ্রিল : ঋষভ পণ্ট আৰু দিল্লী কেপিটেলছৰ বাবে সময় ভাল নহয়৷ কলকাতা নাইট ৰাইডার্ছৰ হাতত বুধবাৰে নিশা বৃহৎ ব্যৱধানত পৰাজয় হোৱাৰ পিছত লেহেম গতিত বলিং কৰাৰ অপৰাধত জৰিমনাৰ সন্মুখীন হ’ল দিল্লী কেপিটেলছ৷ নির্ধাৰিত সময়ত সম্পূর্ণ অভাৰ শেষ কৰিব নোৱাৰাৰ অপৰাধত অধিনায়ক ঋষভ পণ্টৰ লগতে দিল্লী কেপিটেলছৰ আন সদস্যকো জৰিমনা বিহা হয়৷ ফলত অধিনায়ক ঋষভ পণ্টক ১২ লাখ টকাৰ জৰিমনা বিহা হয় আৰু দলটোৰ আন সদস্যসকলৰ মেচ ফীৰ ২৫ শতাংশ কর্তন কৰা হয়৷ চলিত আইপিএলত দ্বিতীয়বাৰৰ বাবে এই একেই অপৰাধ কৰা বাবে দিল্লী দলটোৰ অধিনায়ক ঋষভ পণ্টে এতিয়ালৈকে ২৪ লাখ টকা জৰিমনা ভৰিবলগীয়া হয়৷ উল্লেখ্য যে চেন্নাই ছুপাৰ কিংছৰ বিপক্ষে খেলা মেচখনতো লেহেমীয়া গতিত বলিং কৰিছিল দিল্লী কেপিটেলছে৷ এতিয়ালৈকে দিল্লী কেপিটেলছে চাৰিখন মেচ খেলি মাত্র এখনতহে জয়ৰ সোৱাদ লাভ কৰিছে৷

You might also like