নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৃহভূমি শ্রীলংকালৈ উভতিল ৰাজীৱ গান্ধীৰ হত্যাৰ ৩ আচামীয়ে

🔹 ২০২২ চনত মুক্তি লাভৰ পাছত ৰখা হৈছিল তামিলনাডুৰ শিবিৰত

বিশেষ বাৰ্তা, ৫ এপ্রিল : দেশৰ প্রাক্তন প্রধানমন্ত্রী ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডত দোষী সাব্যস্ত ৬জন আচামীক ২০২২ চনৰ নৱেম্বৰ মাহত মুক্তি দিছিল উচ্চতম ন্যায়ালয়ে৷ তামিলনাডু চৰকাৰেও এই হত্যাৰ গোচৰত দোষী সাব্যস্তসকলৰ মুক্তিৰ পক্ষত দাবী উত্থাপন কৰিছিল৷ সেই ৬ শাস্তিপ্রাপ্ত দোষীৰ ভিতৰত তিনিজনে কালি শ্রীলংকালৈ উভতি গৈছে৷ শ্রীলংকালৈ উভতি যোৱা এই তিনিগৰাকী ব্যক্তি হৈছে মুৰুগন, ৰবার্ট পায়াছ আৰু জয়কুমাৰ৷ এওঁলোকৰ ভিতৰত মুৰুগন ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডৰ আন এগৰাকী দোষী, ভাৰতীয় নাগৰিক নলিনীৰ স্বামী৷ কালি যি তিনিগৰাকী ব্যক্তি শ্রীলংকালৈ উভতিল, তেওঁলোক সেইখন দেশৰেই নাগৰিক৷ উচ্চতম ন্যায়ালয়ৰ নির্দেশত কাৰাগাৰৰ পৰা মুক্তি লাভ কৰাৰ পাছতে শ্রীলংকালৈ উভতি যোৱাৰ অনুমতি বিচাৰি আবেদন জনাইছিল তিনিওজন আচামীয়ে৷ মুক্তিৰ পাছৰে পৰা তিৰুচিৰাপল্লীৰ এটা শিবিৰত ৰখা হৈছিল তিনিওজন আচামীক৷ শেহতীয়াকৈ শ্রীলংকা চৰকাৰে তিনিওজনকে পাৰপত্র দিয়ে৷ তিৰুচিৰাপল্লীৰ শিবিৰৰ পৰা কালি পুৱা আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ মাজেৰে তিনিওজনকে চেন্নাইৰ আন্তর্জাতিক বিমানবন্দৰলৈ অনা হয়৷ ইয়াৰ পৰাই কলম্বোলৈ বিমানেৰে যাত্রা কৰে তিনিওজনে৷ বিভিন্ন সংবাদ মাধ্যমে প্রকাশ কৰা ভিডিঅ’ত দেখা গৈছে মুৰুগনৰ পত্নী নলিনীকো৷চেন্নাইৰ বিমানবন্দৰত স্বামীৰ ওচৰত অলপ সময়ৰ বাবে বহি থকা দেখিবলৈ পোৱা গৈছিল নলিনীক৷ স্মর্তব্য যে ৰাজীৱ গান্ধীৰ পত্নী তথা কংগ্রেছ নেত্রী ছোনিয়া গান্ধী আৰু কন্যা প্রিয়ংকা গান্ধী ভদ্রাৰ অনুৰোধমর্মে নলিনীয়ে ফাঁচিৰ শাস্তিৰ পৰা ৰেহাই পাইছিল৷ যি সময়ত আদালতে নলিনীৰ বিৰুদ্ধে মৃত্যুদণ্ড ঘোষণা কৰিছিল, সেই সময়ত নলিনী আছিল অন্তঃসত্ত্বা৷ বর্তমান নলিনীৰ কন্যা ব্রিটেইনত চিকিৎসক৷ নলিনীৰ ভাতৃ পাকিয়ানাথনে এক নিউজ চেনেলক দিয়া সাক্ষাৎকাৰত উল্লেখ কৰে যে কন্যাৰ ওচৰলৈ যোৱাৰ বাবে ভিছা লাভৰ চেষ্টা চলাই আছে নলিনীয়ে৷

You might also like