নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনি বছৰৰ মূৰত শতৰান অধিনায়ক ৰোহিত শর্মাৰ

নিয়মীয়া বাৰ্তা,২৫ জানুৱাৰী: অৱশেষত এদিনীয়া ক্রিকেটত শতকৰ মুখ দেখিলে টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শর্মাই৷ বিগত তিনি বছৰ ধৰি এদিনীয়া ক্রিকেটত শতকৰ বাবে হাবাথুৰি খাই ফুৰা ৰোহিত শর্মাই ইন্দোৰত নিউজিলেণ্ডৰ বিপক্ষে খেলা তৃতীয় তথা অন্তিমখন মেচত শতকৰ মুখ দেখে৷ ৩৫ বছৰীয়া ৰোহিত শর্মাই আজি ৮৩টা বলত শতক অর্জন কৰে৷

উল্লেখ্য যে ২০২০ চনৰ জানুৱাৰীত ৰোহিত শর্মাই নিউজিলেণ্ডৰ বিপক্ষে অন্তিমটো শতক অর্জন কৰিছিল৷ ইপিনে, মেচখনত ১০১ ৰান কৰা হিটমেন ৰোহিত শর্মাই আজি এদিনীয়া ক্রিকেটত ৩০সংখ্যক শতকটোও পূর্ণ কৰে৷ ২৪১টা ইনিংছত মেচত ৩০সংখ্যক শতকটো অর্জন কৰি ভাৰতীয় ক্রিকেট দলটোৰ অধিনায়কগৰাকীয়ে এদিনীয়া ক্রিকেটত সর্বাধিক শতক অর্জন কৰাৰ তালিকাত তৃতীয় স্থান অধিকাৰ কৰি থকা অষ্ট্রেলিয়াৰ প্রাক্তন অধিনায়ক ৰিকী পণ্টিঙৰ অভিলেখটো স্পর্শ কৰে৷ ৰিকী পণ্টিঙে ৩৬৫টা ইনিংছত ৩০সংখ্যক শতকটো অর্জন কৰিছিল৷

উল্লেখ্য যে টীম ইণ্ডিয়াৰ মহান খেলুৱৈ শচীন তেণ্ডুলকাৰে ৪৯টা শতক অর্জন কৰি এদিনীয়া ক্রিকেটত সর্বাধিক শতক কৰাৰ তালিকাৰ শীর্ষস্থানত আছে৷ ইফালে, ৪৬টা শতকেৰে দ্বিতীয় স্থানত আছে টীম ইণ্ডিয়াৰ তাৰকা বেটাৰ বিৰাট কোহলি৷

You might also like