নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আফ্রিদীক অতিক্রম ৰোহিত-ৰ : এদিনীয়া আন্তর্জাতিক ক্রিকেটত সর্বাধিক ছয়

এদিনীয়া আন্তর্জাতিক ক্রিকেটত এতিয়া সর্বাধিক ছিক্সাৰৰ গৰাকী হ’ল ৰোহিত শর্মা৷ ইমানদিনে এই অভিলেখৰ গৰাকী আছিল পাকিস্তানৰ শ্বাহিদ আফ্রিদী৷ তেওঁ ৩৯৮খন মেচ খেলি ৩৫১টা ছয় মাৰিছিল৷

মেচখনৰ পূর্বে মাত্র ২৭৬খন মেচ খেলি ৩৪৯টা ছয় কোবায় দ্বিতীয় স্থানত আছিল ভাৰতৰ ৰোহিত শর্মা৷ ৰাঁচীত দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে ৩টা ছয় কোবায় বিশ্ব অভিলেখ গঢ়িলে প্রাক্তন ভাৰতীয় অধিনায়কগৰাকীয়ে৷

তেওঁৰ ছিক্সাৰৰ সংখ্যা এতিয়া ৩৫২টা৷ সেই তালিকাৰ তৃতীয় স্থানত আছে ক্রিছ গেইল৷ তেওঁ ৩০১খন মেচ খেলি ৩৩১টা ৬ মাৰিছিল৷ আজি মেচখনৰ ১,৫০০সংখ্যক অভাৰৰ প্রথমটো বলত ৰোহিতে মীড উইকেটৰ ওপৰেৰে ছয় কোবায়৷

ইয়াৰ পিছৰ বলতে আৰু এটা ছিক্সাৰ মাৰে৷ পৰৱর্তী ছয়টো মাৰে মার্কো জানছেনৰ অভাৰত৷ বহু পৰিছিত পুল শ্বটেৰে তেওঁ ৩৫২সংখ্যক ছয়টো কোবায়৷ ইয়াৰ পিছতে শুভেচ্ছাৰ বন্যাত ভাহি যায় ৰোহিত৷

আইপিএলৰ বিভিন্ন ফ্রেঞ্চাইজীৰ পৰা অভিনন্দন জনোৱা হয় হিট মেনক৷ অৱশ্যে সুন্দৰ আৰম্ভণি কৰিলেও শতৰান অর্জনত তেওঁ ব্যর্থ হয় তেওঁ৷ জানছেনৰ এটা বলে পোনপটীয়াকৈ পেডত স্পর্শ কৰাত তেওঁ ৫১টা বলত ৫৭ ৰান কৰি বিদায় লয়৷

ডিজিটেল ডেস্ক, ১ ডিচেম্বৰ

You might also like