অপাৰেচন সিন্দূৰ –২ৰ বাবেও সাজু : বিএছএফ
নিউজ ডেস্ক, ১ ডিচেম্বৰ : অপাৰেচন সিন্দূৰ -ৰ পিছত সীমান্তৰ পৰা উগ্রপন্থীৰ শিবিৰ তথা লন্সপেডসমূহ উঠাই নিছে পাকিস্তানে৷ –এই দাবী বিএছএফৰ৷ বিএছএফৰ এগৰাকী শীর্ষ বিষয়াই জনায় যে চৰকাৰে যদি নির্দেশ দিয়ে তেন্তে প্রয়োজনসাপেক্ষে অপাৰেচন সিন্দূৰ–২ৰ বাবেও সাজু সুৰক্ষা বাহিনীটো৷ অপাৰেচন সিন্দূৰৰ সময়ত সেনাৰ ভূমিকাক প্রশংসা কৰে বিএছএফে৷ দেশৰ সুৰক্ষা বাহিনীসমূহে যিদৰে কান্ধত কান্ধ মিলাই যুদ্ধ কৰিছে সেয়া অনবদ্য বুলি প্রকাশ কৰে বিষয়াগৰাকীয়ে৷
বিএছএফৰ ডিআইজি বিক্রম কোঁৱৰে কয়– ‘অপাৰেচন সিন্দূৰৰ সময়ত বিএছএফে সীমান্তৰ সিপাৰৰ বহু সন্ত্রাসবাদীৰ ঘাটি ধ্বংস কৰে৷ বহুকেইটা লন্সপেডো নিশ্চিহ্ণ কৰি পেলায়৷ আক্রমণৰ সন্মুখত তিষ্ঠিব নোৱাৰি পাকিস্তান চৰকাৰে সন্ত্রাসবাদীৰ লন্সপেডসমূহ সীমান্ত এলেকাৰ পৰা উঠাই নিয়ে৷ অৱশ্যে শিলালকোট আৰু জফৰৱালত ১২টা সন্ত্রাসবাদী লন্সপেড এতিয়াও আছে৷ এইসমূহ সীমান্তৰ পৰা বহু ভিতৰত অৱস্থিত৷ এই লন্সপেডসমূহ এতিয়াও সক্রিয়৷’
ডিআইজিগৰাকীয়ে আৰু কয় যে সীমান্তৰ পৰা আৰু ৬০টা লন্সপেড উঠাই নিছে পাকিস্তানে৷ ২০২৫ চনত বাহিনীটোৰ সাফল্যৰ কথা বর্ণনা কৰিবলৈ গৈ অপাৰেচন সিন্দূৰৰ প্রসংগ টানি আনে ডিআইজিগৰাকীয়ে৷ বিএছএফৰ ফালৰ পৰা কোৱা হৈছে যে সন্ত্রাসবাদীয়ে লন্সপেডৰ সংখ্যা অনবৰতে সালসলনি কৰি থাকে৷ এই লন্সপেডসমূহ কেতিয়াও নিষ্ক্রিয় হৈ নাথাকে৷ যেতিয়াই ভাৰতত সন্ত্রাসবাদীৰ অনুপ্রৱেশ কৰোৱাৰ প্রয়োজন হয় তেতিয়াই সেইবোৰ সক্রিয় হৈ উঠে৷ একোটা লন্সপেডত সন্ত্রাসবাদীৰ ২ৰ পৰা ৩টা দল থাকে৷ ডিআইজি কোঁৱৰৰ দাবী– অপাৰেচন সিন্দূৰৰ পিছত ভাৰত–পাক আন্তঃৰাষ্ট্রীয় সীমান্তত এতিয়া কোনো সন্ত্রাসবাদী শিবিৰ নাই৷