নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আকস্মিক অর্থপ্রাপ্তিৰ যোগ দেখা যায়৷ পেট আৰু দাঁতৰ সমস্যাত কষ্ট পাব পাৰে৷ সামাজিক কাম–কাজৰ ক্ষেত্রত সন্মান বৃদ্ধিৰ যোগ৷ বিদ্যার্থীৰ মধ্যম ফলদায়ক৷

আজি ৯ জুলাই, আহাৰ মাহৰ ২৪ তাৰিখ
বুধবাৰ : তিথি–শুক্লা চতুর্দশী, নক্ষত্র : মূলা, যাত্রা : নাই

আজিৰ দিনটোৰ ৰাশিফল

মেষ : কিবা কাৰণত মানসিক অশান্তি বৃদ্ধি পাব৷ শৰীৰত আঘাতপ্রাপ্তিৰ সম্ভাৱনা দেখা যায়৷ আর্থিক ক্ষেত্রত শুভ যদিও ব্যয় বৃদ্ধিৰ ফলত মানসিক চিন্তা৷ প্রেমত অশুভ৷

বৃষ : বিভিন্ন কাৰণত ব্যয়ৰ পৰিমাণ অত্যধিক বৃদ্ধি পাব৷ আকস্মিক অর্থপ্রাপ্তিৰ যোগ দেখা যায়৷ পেট আৰু দাঁতৰ সমস্যাত কষ্ট পাব পাৰে৷ সামাজিক কাম–কাজৰ ক্ষেত্রত সন্মান বৃদ্ধিৰ যোগ৷ বিদ্যার্থীৰ মধ্যম ফলদায়ক৷

মিথুন : কোনোবাই আপোনাৰ লগত প্রতাৰণা কৰিব পাৰে৷ শুভ সংবাদপ্রাপ্তিৰ যোগ আছে৷ আকস্মিকভাৱে কর্মক্ষেত্রত বাধাই দেখা দিব পাৰে৷ বুধৰ প্রভাৱত ব্যৱসায়–বাণিজ্যত কিছু হ’লেও শুভ প্রভাৱ পৰিব৷

কর্কট : নতুন কামত উন্নতি অব্যাহত থাকিব৷ আর্থিক উন্নতিৰ ফলত কিছু হ’লেও ঋণ পৰিশোধ কৰিব পাৰিব৷ গৃহ বিবাদৰ ভয় আছে৷ প্রেম–প্রীতিৰ ক্ষেত্রত অশান্তি থাকিব৷

সিংহ : ৰাহুৰ অশুভ প্রভাৱৰ ফলত কর্মক্ষেত্রত ব্যাঘাত ঘটিব পাৰে৷ যান–বাহনৰ পৰা ভয় আছে৷ গতিকে চলা–ফুৰাত সতর্ক থাকিব৷ শত্রুৱে আপোনাৰ ক্ষতি কৰিব বিচাৰিব৷ গতিকে শত্রুৰ পৰা সতর্ক থাকিব৷ বিদ্যার্থীৰ মধ্যম ফল৷

কন্যা : বুধৰ প্রভাৱত দৈনন্দিন কামত উৎসাহ বৃদ্ধি পাব৷ বিশেষ কোনো কামৰ বাবে বাহিৰলৈ যোৱাৰ যোগ আছে৷ তেজ সংক্রান্ত বেমাৰত ভুগিব পাৰে৷ ব্যৱসায়–বাণিজ্যত ভাল ফল আশা কৰিব পাৰে৷ বিদ্যার্থীৰ শুভ৷

তুলা : শুক্রৰ শুভ প্রভাৱত ৰাজহুৱা সন্মান লাভৰ যোগ৷ কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি পাব৷ কিবা বিষয় লৈ পতি–পত্নীৰ মাজত বিৰোধ দেখা দিব পাৰে৷ প্রেমত অশুভ৷

বৃশ্চিক : নানা বাধা–বিঘিনিৰ মাজেৰে দিনটো পাৰ হ’ব৷ শত্রুৰ দ্বাৰা আক্রান্ত হ’ব পাৰে৷ কিবা বিষয়ক লৈ নিকটাত্মীয়ৰ লগত বিৰোধ দেখা দিব পাৰে৷ বিদ্যার্থীৰ শুভ ফলদায়ক৷

ধনু : বৃহস্পতিৰ শুভ প্রভাৱত মনত কোনো আশাৰ সঞ্চাৰ হ’ব পাৰে৷ শত্রুৱে বিৰোধিতা কৰিও আপোনাৰ কোনো ক্ষতি কৰিব নোৱাৰে৷ প্রেম আৰু দাম্পত্যত শুভ ফলদায়ক হ’ব৷

মকৰ : দৈনন্দিন কাম–কাজত উন্নতি৷ আকস্মিক কোনো বিপদৰ সন্মুখীন হ’ব পাৰে৷ গতিকে দিনটোত সতর্কতা অৱলম্বন কৰিব৷ কর্মক্ষেত্রত পদোন্নতিৰ যোগ৷ বিদ্যার্থীৰ শুভ৷

কুম্ভ : সামাজিক দিশত সন্মান আৰু প্রতিপত্তি বৃদ্ধিৰ যোগ৷ দুর্ঘটনাৰ ভয়৷ গতিকে চলা–ফুৰাত সতর্ক থাকিব৷ আকস্মিক অর্থ প্রাপ্তিৰ যোগ৷ বিদ্যার্থীৰ শুভ ফলদায়ক৷

মীন : পাৰিবাৰিক ক্ষেত্রত শুভ ফলদায়ক হ’ব৷ কিবা বিষয়ক লৈ ভাতৃৰ লগত মতবিৰোধ হ’ব পাৰে৷ পিতৃ–মাতৃৰ অসুস্থতাৰ কাৰণে অর্থ ব্যয়৷ চাকৰিয়ালসকলে সতর্কতাৰে কর্তব্য পালন কৰিব৷ বিদ্যার্থীৰ শুভ ফলদায়ক৷

You might also like