নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৃঢ় সংকল্প, নির্ভীক ক্রীড়াশৈলীয়ে টেষ্টত ভাৰতক নাম্বাৰ ৱান দল কৰিছেঃ শাস্ত্রী

নিয়মীয়া বাৰ্তা, ১৫ মে’: আইচিচিৰ টেষ্ট ৰেংকিঙত শীর্ষস্থান অধিকাৰ কৰিবলৈ সক্ষম হোৱা টীম ইণ্ডিয়াক ভূয়সী প্রশংসা কৰিছে মুখ্য প্রশিক্ষক ৰবি শাস্ত্রীয়ে৷ টুইটাৰত তেওঁ আজি কয় যে দৃঢ় সংকল্প আৰু নির্ভীক ক্রীড়াশৈলীয়ে ভাৰতক টেষ্ট ক্রিকেটত নাম্বাৰ ৱান দল হিচাপে চিহ্ণিত কৰিছে৷ কঠিন সময়ত ভাৰতে উৎকৃষ্ট খেল প্রদর্শন কৰিবলৈ সক্ষম হৈছে আৰু মুক্তমনে খেলি তেওঁলোকে চমকপ্রদ সাফল্য অর্জন কৰিছে৷ উল্লেখ্য যে বৃহস্পতিবাৰে প্রকাশ পোৱা আইচিচি টেষ্ট ৰেংকিঙত ভাৰতে শীর্ষস্থান অধিকাৰ কৰাৰ বিপৰীতে নিউজিলেণ্ডে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷

ভাৰততকৈ নিউজিলেণ্ডে ১ পইণ্ট কম লাভ কৰিছে৷ উল্লেখ্য যে বিৰাট কোহলি নেতৃত্বাধীন টীম ইণ্ডিয়াই অষ্ট্রেলিয়াৰ বিৰুদ্ধে ২–১ আৰু ইংলেণ্ডৰ বিৰুদ্ধে ৩–১ৰ ব্যৱধানত শৃংখলা জয় কৰাৰ সুবাদত বার্ষিক ৰেংকিঙত শীর্ষস্থান লাভ কৰিছে৷ একেদৰে নিউজিলেণ্ডে শেহতীয়াকৈ ৱেষ্ট ইণ্ডিজ আৰু পাকিস্তানক ২–০ৰ ব্যৱধানত হৰুৱাবলৈ সক্ষম হৈছে৷ ২০২০ৰ মে’ মাহৰ পৰা খেলা মেচসমূহৰ ভিত্তিত আইচিচিয়ে টেষ্ট ৰেংকিং ঘোষণা কৰিছে৷

মন কৰিবলগীয়া যে ৰবি শাস্ত্রীৰ তত্ত্বাৱধানত টীম ইণ্ডিয়াই বিগত সময়ছোৱাত টেষ্ট ক্রিকেটত দুর্দান্ত প্রদর্শন দাঙি ধৰিবলৈ সক্ষম হৈছে৷ বিশেষকৈ কেইবাগৰাকীও জ্যেষ্ঠ তাৰকাৰ অনুপস্থিতিত টীম ইণ্ডিয়াই অষ্ট্রেলিয়াক ঘৰৰ মাটিত হৰুৱাই চমক সৃষ্টি কৰিছে৷

You might also like