নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজ্রপাত নে বিষক্রিয়াঃ ১৮ বন্যহস্তীৰ অস্বাভাৱিক মৃত্যুক লৈ শোকাভিভূত প্রকৃতিপ্রেমী–ৰাজ্যবাসী

নিয়মীয়া বাৰ্তা, ১৫ মে’: ক’ভিড–১৯ মহামাৰীয়ে সৃষ্টি কৰা ভয়াৱহ পৰিৱেশৰ মাজতে অসমৰ গৌৰৱ হিচাপে পৰিচিত বনৰীয়া হাতীৰ মৃত্যুৰ খবৰে আজিও সমগ্র অসমবাসীক মর্মাহত কৰি ৰাখিছে৷ প্রকৃতিপ্রেমীসকলক এই ঘটনাই অধিক ম্রিয়মাণ কৰি তুলিছে৷ মর্মান্তিক আৰু হূদয়বিদাৰক দৃশ্যই স্থানীয় গাঁওবাসীক শোকাভিভূত কৰি তুলিছে৷ নগাঁও জিলাৰ কঠীয়াতলী বনাঞ্চলিক বিষয়াৰ কার্যালয়ৰ অন্তর্গত বামুণী পাহাৰৰ তপতজুৰি  বনাঞ্চল এলেকাত বৃহস্পতিবাৰে পুৱা উদ্ধাৰ হয় ১৮টাকৈ হাতীৰ মৃতদেহ৷ অ’ত–ত’ত সিঁচৰতি হৈ থকা অৱস্থাত স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত বন বিভাগে হাতীৰ মৃতদেহকেইটা উদ্ধাৰ কৰে৷

সমগ্র ৰাজ্য জোকাৰি যোৱা এই ঘটনাক লৈ অসমৰ প্রকৃতিপ্রেমীসকল, সচেতন ৰাইজ উদ্বিগ্ন হৈ থকাৰ সময়তে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশত বনমন্ত্রী পৰিমল শুক্লবৈদ্য ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয়৷ মৃত হাতীকেইটাক প্রণাম কৰি শ্রদ্ধা জনাই মন্ত্রীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়– এই ঘটনা অতিকৈ হূদয়বিদাৰক আৰু মর্মান্তিক৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাকে ধৰি আমি সকলোৱে ১৮টাকৈ হাতীৰ মৃত্যুত ব্যথিত হৈ পৰিছেছা৷

তেওঁ লগতে কয়–হাতী অনন্তকালৰে পৰা মানৱ জাতিৰ বন্ধু হিচাপে আছে৷ হাতীয়ে আমাৰ সভ্যতা গঢ় লৈ উঠাত বহু সহায় কৰিছে৷ এতিয়া আমি জেচিবিৰ কথা ভাবোঁ, এটা সময় আছিল যুদ্ধৰ লগতে ঘৰ বন্ধা, পৰিয়ালক লৈ যোৱাৰ কাৰণে হাতীয়ে সহায় কৰিছিল৷ সেই কাৰণে আমাৰ অসমীয়া সমাজ ব্যৱস্থাত হাতীক আমি মৰম কৰোঁ, শ্রদ্ধা কৰোঁ, ভাল পাওঁ৷ সেই কাৰণেই এই হাতীকেইটাৰ মৃত্যুৱে আমাক মানসিকভাৱে দুর্বল কৰি তুলিছে৷ আমি কৰা প্রাথমিক অনুসন্ধান আৰু বন বিভাগ, স্থানীয় লোক, সাংবাদিক আদিৰ মতামতৰ ভিত্তিত ব্রজপাতত হাতীকেইটাৰ মৃত্যু হৈছে বুলি মোৰ ধাৰণা হয়৷ কাৰণ আমি দেখিলোঁ হাতীকেইটা য’ত পৰি আছে, তাত হাতীকেইটাই যন্ত্রণাত চিৎকাৰ কৰি মৰা বা লুটি–বাগৰ দি মৰাৰ কোনো ইংগিত বা লক্ষণ নাই৷ কিন্তু বিজ্ঞানসন্মতভাৱে প্রতিবেদন অহাৰ পাছতহে ৰাইজে নিঃসন্দেহে প্রকৃত খবৰটো জানিব পাৰিব যে হাতীকেইটা কেতিয়া আৰু কিয় ঢুকাল৷

ইতিমধ্যে কাজিৰঙা আৰু গুৱাহাটীৰ পশু চিকিৎসকসকল ঘটনাস্থলীত উপস্থিত হৈ মৃত হাতীকেইটাৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিছে৷ তেওঁ লগতে কয়– মই স্থানীয় বিধায়ক জিতু গোস্বামীৰ সৈতে আলোচনা কৰি যি স্থানত হাতীকেইটাৰ মৃত্যু হ’ল সেই স্থানত এটা স্মৃতিসৌধ নির্মাণ কৰাৰ ব্যৱস্থা গ্রহণ কৰিম৷ অদূৰ ভৱিষ্যতে ৰাইজ আৰু নৱপ্রজন্মই অনুভৱ কৰিব পাৰিব যে প্রকৃতিৰ শক্তি কিমান৷ আজি মন্ত্রীগৰাকীৰ লগত বন বিভাগৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়া আৰু বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামী, জিলা উপায়ুক্ত কবিথা পদ্মনাভন, আৰক্ষী অধীক্ষক অভিজিত গৌৰৱ আদি ভালেসংখ্যক উচ্চপদস্থ বিষয়াই অংশগ্রহণ কৰে৷

মন্ত্রীগৰাকীয়ে লগতে প্রকৃতিক আহ্বান জনাই কয়– কথা ক’ব নোৱাৰা বন্যজন্তুৰ প্রতি ভৱিষ্যতে এনে আচৰণ নকৰিবা৷ আমি প্রার্থনা জনাইছোঁ যে ভৱিষ্যতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয়৷ মৃত হাতীকেইটাৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত বিধি অনুযায়ী পূজা–পাতল কৰি বন বিভাগে সৎকাৰ কৰে৷ বনমন্ত্রী বা বন বিভাগে হাতীকেইটাৰ মৃত্যু ব্রজ পৰি হৈছে বুলি ক’লেও একাংশ প্রকৃতিপ্রেমী আৰু সাধাৰণ লোকে ইয়াক গ্রহণ কৰিব বিচৰা নাই৷ উল্লেখ্য যে কার্বি আংলং আৰু নগাঁও জিলাৰ সীমান্তৱর্তী এই অঞ্চলটো বনৰীয়া হাতীৰ মুক্ত বিচৰণ ভূমি হিচাপে চিহ্ণিত হৈ আহিছে৷ ১৮টাকৈ বনৰীয়া হাতীৰ এই দুর্গম বনাঞ্চলত কেনেকৈ ব্রজপাতত মৃত্যু হ’ল সেয়া প্রকৃতিপ্রেমীৰ মাজত প্রশ্ণৰ উদয় হৈছে৷ প্রকৃতিপ্রেমীসকলে সংবাদ মাধ্যমত জনোৱা মতে হাতীয়ে সাধাৰণতে দল বান্ধি থাকে৷ এনে অৱস্থাত ব্রজপাতত মৃত্যু হোৱা এই হাতীকেইটা কেনেকৈ সিঁচৰতি হৈ পৰিল সি এক ৰহস্যৰ বিষয়৷ হাতীকেইটাৰ এনে মৃত্যুক সহজভাৱে ল’ব পৰা নাই স্থানীয় ৰাইজ আৰু প্রকৃতিপ্রেমীসকলে৷

ইপিনে,  সদৌ নগাঁও জিলা ছাত্র সন্থাই বনমন্ত্রীক সাক্ষাৎ কৰি বনৰীয়া হাতীকেইটাৰ মৃত্যু সন্দর্ভত এক উচ্চ পর্যায়ৰ তদন্তৰ দাবী জনাই এখন স্মাৰক–পত্র প্রদান কৰে৷ সদৌ নগাঁও জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক অমৰজ্যোতি ফুকনে সংবাদ মাধ্যমক জনোৱা মতে সন্থাই জিলাখনৰ বিভিন্ন বনাঞ্চল ধবংস কৰা আৰু হাতীৰ বাসস্থান হ্রাস পুৱা আদি বিষয়ত উদ্বেগ প্রকাশ কৰি তৎকালীনভাৱে বনমন্ত্রীগৰাকীক বনাঞ্চল ধবংস ৰোধ কৰাৰ লগতে বনৰীয়া হাতীক নিৰাপত্তা নিশ্চিত কৰাৰ দাবী জনায়৷

ইপিনে, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ নগাঁও জিলা সমিতিয়ে ১৮টাকৈ হাতীৰ মৃত্যুৰ ঘটনাৰ উচিত তদন্ত কৰিবলৈ দাবী জনাই এখন স্মাৰক–পত্র প্রদান কৰে৷ মন্ত্রীগৰাকীক দিয়া স্মৰক–পত্রত পৰিষদে উল্লেখ কৰে যে বামুণী পাহাৰৰ নিচেই সমীপৰ মিকিৰ বামুণী গ্রাণ্ট এলেকা বনৰীয়া হাতীৰ কৰিড’ৰ হিচাপে চিহ্ণিত হৈ থকাৰ পাছতো বন বিভাগে এই এলেকাটো হাতীৰ কৰিড’ৰ নহয় বুলি প্রতিবেদন দাখিল কৰিছে৷ বন বিভাগে কি যুক্তিত এই প্রতিবেদন দাখিল কৰে সেয়া এক ৰহস্যৰ বিষয়৷ যুৱ–ছাত্র পৰিষদে অভিযোগ কৰে যে এটা বহুজাতিক কোম্পানীৰ প্রকল্প স্থাপনৰ বাবেই বন বিভাগে এই প্রতিবেদন দাখিল কৰিছে৷ স্মাৰক–পত্রখনত পৰিষদে পাহাৰখনত অবৈধভাৱে চলি থকা খনন কার্যৰ বিষয়ে অৱগত কৰি তকলা পাহাৰবোৰত ব্যাপকভাৱে বৃক্ষ ৰোপণ কৰা, হাতীৰ বিচৰণভূমিৰ পৰিসৰ বৃদ্ধি কৰা, হাতীৰ বিচৰণ ভূমিৰ সমীপত কোনো উদ্যোগ প্রতিষ্ঠান স্থাপন নকৰা আদি দাবী জনায়৷ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি দ্বীপমণি বৰা আৰু সম্পাদক প্রাগজ্যোতিষ বণিয়াই অভিযোগ কৰা মতে জিলাখনত বনাঞ্চল ধ্বংস হৈ থকাৰ পাছতো নগাঁও জিলা বন বিভাগে কোনো ধৰণৰ পদক্ষেপ গ্রহণ নকৰে৷

উল্লেখ্য যে বামুণী তপতজুৰি পাহাৰ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ বুঢ়াপাহাৰ এলেকালৈ সংলগ্ন হৈ আছে৷ এই এলেকাটোত জাক জাক বনৰীয়া হাতীৰ সঘন আহ–যাহ আছে৷ পাহাৰৰ দাঁতিত থকা কলগছ, শালি, বৰো ধানৰ খেতিৰ লগতে কঁঠাল, আম আদি খাবলৈ হাতীৰ আগমন হয়৷ কিন্তু হাতীৰ অহা–যোৱা পথ বন্ধ কৰা, বাসস্থান হ্রাস হোৱা, খাদ্যৰ নাটনিৰ লগতে কোম্পানীৰ প্রকল্প স্থাপন কৰি ফেন্সিং নাভাঙিবলৈ, বৃহৎ লাইট জ্বলোৱা, গছ–বন কাটি তহিলং কৰা ইত্যাদি বিষয়বোৰে বনৰীয়া হাতীৰ জীৱনলৈ ভাবুকিৰ সৃষ্টি কৰিছে৷ প্রকৃতিক ধবংস কৰি এতিয়া বনৰীয়া হাতীৰ মৃত্যুত কৌশলী মন্তব্যৰে বন বিভাগে দায় সাৰিব বিচৰাত প্রকৃতিপ্রেমীসকলে সহজভাৱে ল’ব বিচৰা নাই৷

ইপিনে, মিকিৰ বামুণী গ্রাণ্টৰ আন্দোলনৰ নেতা ৰাতুল বৰাই মত প্রকাশ কৰে যে বন বিভাগে মিকিৰ বামুণী গ্রাণ্ট এলেকা হাতীৰ কৰিড’ৰ নহয় বুলি প্রতিবেদন দিয়া কার্য দুর্ভাগ্যজনক৷ এই বিষয়টো তদন্তলৈ আনিব লাগে বুলি কৃষক নেতাগৰাকীয়ে মন্তব্য কৰে৷ বামুণী পাহাৰ একাংশ দুষৃকতিকাৰীয়ে ধবংস কৰি তকলা কৰি পেলোৱাত প্রকৃতিপ্রেমী বিনোদ দুলু বৰাই আক্ষেপ প্রকাশ কৰি কয়– হাতীকেইটাৰ মৃত্যুৱে আমাক মর্মাহত কৰিছে৷ আমি চৰকাৰক আহ্বান জনাইছোঁ বনাঞ্চল ধবংস ৰোধ কৰাৰ লগতে বনাঞ্চলৰ পৰিসৰ বৃদ্ধিৰ ব্যৱস্থা চৰকাৰে গ্রহণ কৰা উচিত৷ উল্লেখ্য যে মৃত হাতীকেইটাৰ ভিতৰত চাৰিটা পোৱালি হাতী থকাৰ লগতে চাৰিটা মতা হাতী আছিল৷

You might also like