শিৱশংকৰৰ শতকেৰে হায়দৰাবাদৰ বিপক্ষে জয়লাভ অসমৰ
ডিজিটেল ডেস্ক, ৩০ ডিচেম্বৰ : অসমে বিজয় হাজাৰে ট্রফীত প্রথমটো জয়ৰ সোৱাদ লাভ কৰিছে৷ প্রতিযোগিতাখনৰ প্রথম দুখন মেচত পৰাজয়ৰ মুখ দেখা অসমে কালি অনুষ্ঠিত গ্রুপ ‘বি’ৰ মেচখনত হায়দৰাবাদক ৪ উইকেটত পৰাস্ত কৰে৷
মেচখনত হায়দৰাবাদে জয়ৰ বাবে বান্ধি দিয়া ৩১১ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি শিৱশংকৰ ৰয়ৰ শতক তথা সৌৰভ দিহিঙীয়াৰ ৯১ আৰু ডেনিছ দাসৰ ৫৪ ৰানৰ সহায়ত অসমে ৪৯.৩ অভাৰত ৬টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷ দলীয় স্ক’ৰ ৫০ ৰানতে প্রদ্যুন শইকীয়া (১৪) আৰু সুমিত গাড়িগাৱকাৰ (৭)ক হেৰুৱায় দলটো বিপদত পৰিছিল যদিও সৌৰভ আৰু শিৱশংকৰে তৃতীয় উইকেটত ১৪২ ৰান কৰি দলৰ বিপর্যয় ৰোধ কৰে৷ সৌৰভে ৯১ ৰান কৰি বিদায় লয় যদিও শিৱশংকৰে ১০৯টা বলত ১১২ ৰানৰ দর্শনীয় ইনিংছ দলক উপহাৰ দিয়ে৷
ইফালে, আউট হোৱাৰ পূর্বে শিৱশংকৰে ডেনিছৰ সৈতে চতুর্থ উইকেটত ৯৩ ৰান কৰি দলৰ জয়ৰ পথ সুগম কৰি তোলে৷ তদুপৰি নিহাৰ ডেকাই ১২ ৰান কৰি বিদায় লয় যদিও আব্দুল আজিজে ১০ আৰু স্বৰূপমে ৪ ৰান কৰি অপৰাজিত হৈ থাকে৷ হায়দৰাবাদৰ হৈ চামা মিলিন্দে সর্বাধিক তিনিটা উইকেট লাভ কৰে৷
ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি ৰাহুল সিঙৰ দর্শনীয় ৭৯, অভিৰথ ৰেড্ডীৰ ৫৪, নীতেশ ৰেড্ডীৰ ৫৩, আলগানি বৰুণ গৌড়ৰ ৪২ আৰু ৰাহুল বুদ্ধিৰ ৩৫ ৰানৰ সহায়ত হায়দৰাবাদে নির্ধাৰিত ৫০ অভাৰত ৮টা উইকেট হেৰুৱাই ৩১০ ৰান কৰে৷ অসমৰ হৈ আব্দুল আজিজ কুৰাশ্বিয়ে সর্বাধিক ৩টা উইকেট লাভ কৰাৰ লগতে স্বৰূপম পুৰকায়স্থ আৰু শিৱশংকৰ ৰয় উভয় দুটাকৈ তথা আয়ুষ্মান মালাকৰে এটা উইকেট লাভ কৰে৷