STF-কেন্দ্ৰীয় চোৰাংচোৱাৰ ‘অপাৰেচন প্ৰঘাত’ : ১১ জেহাদী গ্ৰেপ্তাৰ
সন্ত্রাসবাদৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি অসম আৰক্ষীৰ বিশেষ দলে (STF) আৰু কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই যৌথভাৱে ‘অপাৰেচন প্ৰঘাত’ আৰম্ভ কৰে। সোমবাৰে অসম আৰু ত্ৰিপুৰাত একেলগে চলোৱা এই অভিযানত নিষিদ্ধ মৌলবাদী সংগঠন জামাতুল মুজাহিদীন বাংলাদেশ (JMB)ৰ মুঠ ১১জন সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে।
আৰক্ষী সূত্ৰৰ মতে, গ্ৰেপ্তাৰ কৰা মৌলবাদীসকলে ডিজিটেল জেহাদৰ জৰিয়তে সামাজিক মাধ্যম ব্যৱহাৰ কৰি উগ্ৰপন্থী মতবাদ প্ৰচাৰ কৰিছিল। ফেচবুক, টেলিগ্ৰাম আদি প্লেটফৰ্ম ব্যৱহাৰ কৰি তেওঁলোকে নতুন সদস্যভৰ্তি আৰু উগ্ৰপন্থী নেটৱৰ্ক বিস্তাৰৰ চেষ্টা চলাইছিল বুলি তদন্তত পোহৰলৈ আহিছে।
তদন্তত এইটোও প্ৰকাশ পাইছে যে অভিযুক্তসকলে অসমত ধন সংগ্ৰহ কৰি সেই ধন বাংলাদেশলৈ প্ৰেৰণ কৰিছিল। এই নেটৱৰ্কৰ মূল ব্যক্তি হিচাপে তামিম ইছলামৰ নাম পোহৰলৈ আহিছে। তামিম ইছলামেই অসমত সক্ৰিয় মৌলবাদী গোটটোৰ নেতৃত্ব দি আহিছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।
সূত্ৰ অনুসাৰে, গ্ৰেপ্তাৰ কৰা মৌলবাদীসকলৰ উদ্দেশ্য আছিল অসম তথা সমগ্ৰ উত্তৰ-পূবাঞ্চলত অশান্তিৰ পৰিৱেশ সৃষ্টি কৰা। সন্ত্রাসবাদী কাৰ্যকলাপৰ জৰিয়তে অঞ্চলটো অস্থিতিশীল কৰাৰ এক বৃহৎ পৰিকল্পনাৰ অংশ আছিল এই নেটৱৰ্ক।
বৰ্তমান গ্ৰেপ্তাৰ কৰা সকলো অভিযুক্তক জেৰা চলাই থকা হৈছে আৰু এই নেটৱৰ্কৰ সৈতে জড়িত আন লোকসকলক চিনাক্ত কৰিবলৈ তদন্ত অব্যাহত ৰাখিছে আৰক্ষী। অসম আৰক্ষীয়ে জনসাধাৰণক সজাগ থাকিবলৈ আহ্বান জনোৱাৰ লগতে সন্ত্রাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰা বুলি পুনৰ উল্লেখ কৰে।
STFৰ অভিযানত নাছিম উদ্দিন, জুনাব আলী, আফ্ৰাহিম হুছেইন, মিজানুৰ ৰহমান, ছুলতান মহম্মদ, ছিদ্দিক আলী, ৰছিদুল আলম, মহিবুল খান, ছাৰুক হুছেইন, দিলবাৰ ৰজক আৰু জাগিৰ মিঞাক গ্ৰেপ্তাৰ কৰা হয়।
ডিজিটেল ডেস্ক, ৩০ ডিচেম্বৰ