নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি–২০ত ৬ বলত ৬টা ছিক্সাৰেৰে চমক সৃষ্টি পোলার্ডৰ

নিয়মীয়া বাৰ্তা ৫ মাৰ্চঃ ৬টা বলত ৬টা ছিক্সাৰেৰে কেৰিবিয়ান তাৰকা কিৰন পোলার্ডে ক্রিকেট বিশ্বত খলকনি তুলিছে৷ শ্রীলংকাৰ বিৰুদ্ধে যোৱানিশা এণ্টিগুৱাত অনুষ্ঠিত টি–২০ শৃংখলাৰ প্রথমখন মেচত ৱেষ্ট ইণ্ডিজৰ অধিনায়কগৰাকীয়ে বিস্ফোৰক বেটিঙেৰে এটা অভাৰৰ আটাইকেইটা বলত ছিক্সাৰ কোবোৱাৰ বিৰল অভিলেখ স্থাপন কৰে৷ ৱেষ্ট ইণ্ডিজৰ ইনিংছৰ ষষ্ঠ অভাৰটোত বিস্ফোৰক ৰূপ ধাৰণ কৰি তাৰকা অলৰাউণ্ডাৰগৰাকীয়ে এই অভিলেখ স্থাপন কৰিবলৈ সক্ষম হয়৷ শ্রীলংকাৰ অফ স্পীনাৰ আকিলা ধনঞ্জয়ৰ অভাৰটোৰ আটাইকেইটা বল ছিক্সাৰ কোবাই পোলার্ডে এই কৃতিত্ব অর্জন কৰা বিশ্বৰ তৃতীয়গৰাকী ক্রিকেটাৰ হিচাপে চিহ্ণিত হয়৷ মন কৰিবলগীয়া যে ধনঞ্জয়ে এই অভাৰটোৰ পূর্বে হেটট্রিক অর্জন কৰিবলৈ সক্ষম হৈছিল৷ পোলার্ডৰ পূর্বে আন্তঃৰাষ্ট্রীয় ক্রিকেটত এই অভিলেখ ৰচা আন দুগৰাকী বেটছমেন হ’ল দক্ষিণ আফ্রিকাৰ হার্ছেল গিবছ আৰু ভাৰতৰ যুৱৰাজ সিং৷ গিবছে ২০০৭ৰ এদিনীয়া বিশ্বকাপত নেদাৰলেণ্ডছৰ বিৰুদ্ধে আৰু যুৱৰাজে ২০০৭ৰ টি–২০ বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে ৬টা বলত ৬টা ছিক্সাৰ কোবাই ক্রিকেট বিশ্বত খলকনি তুলিছিল৷ টি–২০ ক্রিকেটত এটা অভাৰৰ আটাইকেইটা বলত ছিক্সাৰ কোবোৱা বিশ্বৰ দ্বিতীয়গৰাকী বেটছমেন হিচাপে অভিলেখ ৰচি পোলার্ডে ৩৮ ৰানত আউট হয়৷ তেওঁ মাত্র ১১টা বলৰ সন্মুখীন হৈ ৬টা ছিক্সাৰৰ সহায়ত এই ইনিংছটো সজায়৷ উল্লেখ্য যে ক্রিকেটৰ ইতিহাসত ৱেষ্ট ইণ্ডিজৰ প্রাক্তন ক্রিকেটাৰ গেৰী ছ’বার্ছে ১৯৬৮ চনত প্রথমবাৰৰ বাবে ৬টা বলত ৬টা ছিক্সাৰ কোবাইছিল৷ ইয়াৰ পিছত ১৯৮৫ত ভাৰতৰ ৰবি শাস্ত্রী, ২০১৭ত ৰ’ছ হোৱাইটলী আৰু ২০১৮ত হাজৰাতুল্লাহ জাজায়ে এই কৃতিত্ব অর্জন কৰিছে৷ অৱশ্যে তেওঁলোকে ঘৰুৱা ক্রিকেটতহে এটা অভাৰৰ আটাইকেইটা বলত ছিক্সাৰ মাৰিবলৈ সক্ষম হৈছিল৷

You might also like