নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰকিবুলৰ গৃহ সমষ্টি দখলৰ বাবে প্রস্তুতি বিজেপিৰ

নিয়মীয়া বাৰ্তা ৫ মাৰ্চঃ  বিধানসভা নির্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে নগাঁও জিলাৰ চামগুৰি সমষ্টিত ৰাজনৈতিক দলসমূহে কুচকাৱাজ আৰম্ভ কৰিছে৷ বিশেষকৈ চামগুৰি সমষ্টিত কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়াৰ নেতৃত্বত, বাজিয়াগাঁও মণ্ডল বিজেপিৰ সভাপতি প্রাণজিৎ বৰা আৰু লাওখোৱা মণ্ডল বিজেপিৰ সভাপতি সুব্রত সিন্হাৰ সহযোগত সমষ্টিটোত দলৰ কর্মীসকলে সাংগঠনিক দিশ সবল কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে৷ প্রাক্তন মন্ত্রী ৰকিবুল হুছেইনৰ গৃহ সমষ্টি চামগুৰিৰ বিভিন্ন পঞ্চায়তৰ কংগ্রেছ, এ আই ইউ ডি এফ আৰু অগপকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ প্রায় পোন্ধৰ হাজাৰৰো অধিক লোকে বিজেপি দলত বর্তমানলৈকে যোগদান কৰিছে বুলি কলিয়াবৰ জিলা বিজেপিৰ সভাপতিয়ে জানিবলৈ দিয়ে৷ উল্লেখ্য যে যোৱা কেইদিনমান পূর্বে কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়াৰ নেতৃত্বত চামগুৰি সমষ্টিৰ কাৱৈমাৰী অঞ্চলত বিজেপিৰ পৃষ্ঠাপ্রমুখ আৰু কার্যকৰী সন্মিলন এখন অনুষ্ঠিত কৰি ৰকিবুল হুছেইনৰ ভেটিত কঁপনি তুলিবলৈ সক্ষম হৈছিল৷

উক্ত সভাখনলৈ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসক বিজেপিৰ নেতা–কর্মীসকলে উৰিয়াগাঁও বাইপাছৰ পৰা এক বিশাল বাইক ৰেলীৰে আদৰি আনি চামগুৰিৰ ভোটাৰ ৰাইজক বিজেপি দলৰ প্রতি আকর্ষণ কৰিছিল৷ আনহাতে ৰাজ্যিক বিজেপিয়ে আহ্বান জনোৱা ‘পৰিয়াল সম্পর্ক অভিযান’ নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথ আৰু কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়াই চামগুৰি সমষ্টিত শুভাৰম্ভ কৰাৰ পিছতেই বিজেপি নেতা–কর্মীসকলে ভোটাৰ ৰাইজৰ ঘৰে ঘৰে গৈ বিজেপি চৰকাৰৰ উন্নয়নমূলক কামসমূহৰ বিষয়ে অৱগত কৰাৰ লগতে একোখনকৈ গোহাৰি–পত্র প্রদান কৰি দলৰ সাংগঠনিক দিশ সবল কৰিবলৈ চেষ্টা অব্যাহত ৰখা পৰিলক্ষিত হয়৷ আনহাতে চামগুৰি সমষ্টিৰ বিজেপিৰ প্রার্থিত্বপ্রত্যাশী তথা কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়াই কয় যে এইবাৰ বিধানসভা নির্বাচনৰ বৈতৰণী পাৰ হ’বলৈ কংগ্রেছ দলে যিমানেই ৰণকৌশল প্রস্তুত নকৰক কিয়, ভোটাৰ ৰাইজক আকর্ষণ কৰিব নোৱাৰে৷ কাৰণ বিজেপি চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনি উপযুক্ত আৰু সমভাৱে ৰাইজে লাভ কৰিবলৈ সক্ষম হৈছে৷ যাৰ বাবে এইবাৰ বিধানসভা নির্বাচনত চামগুৰি সমষ্টিৰ ৰাইজে পদুম ফুলৰ চিহ্ণত ভোট দিব৷ উল্লেখ্য যে আগন্তুক বিধানসভা নির্বাচনৰ বাবে চামগুৰি সমষ্টিত বিজেপি দলৰ টিকটপ্রত্যাশীৰ লগতে নেতা–কর্মীসকলে দলৰ সাংগঠনিক দিশ সবল কৰিবলৈ উঠিপৰি লগাৰ বিপৰীতে কংগ্রেছ দলৰ লগতে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলেও সাংগঠনিক দিশ সবল কৰিবলৈ চামগুৰি সমষ্টিত তৎপৰতা আৰম্ভ কৰা পৰিলক্ষিত হৈছে৷

You might also like