নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রেমিকৰ সৈতে ছবি পোষ্ট কৰিলে স্মৃতি মান্ধানাই

🔹 সংগীত পৰিচালক পলাশ মুচলৰ সৈতে মধুৰ সম্পর্ক তাৰকা ক্রিকেটাৰৰ

নিউজ ডেস্ক, ২০ জুলাই : ছ’চিয়েল মিডিয়াত প্ৰেমিকৰ সৈতে ফটো পোষ্ট কৰিলে ভাৰতীয় মহিলা ক্রিকেট দলৰ সহঃঅধিনায়ক স্মৃতি মান্ধানাই৷ ২০২০ চনৰ পৰা তেওঁলোকৰ মাজত প্রেমৰ সম্পর্ক থকা বুলি প্রকাশ কৰিছে স্মৃতিয়ে৷

বলীউডৰ সংগীত পৰিচালক পলাশ মুচলৰ সৈতে ক্রিকেটাৰগৰাকীৰ এই ছবি সামাজিক মাধ্যমত ভাইৰেল হৈছে৷ শুকুৰবাৰে আছিল স্মৃতিৰ ২৯সংখ্যক জন্মদিন৷ সামাজিক মাধ্যমত তেওঁক শুভেচ্ছা জনাইছে পলাশে৷ সেই শুভেচ্ছা বার্তাত মান্ধানাক পলাশে নিজৰ শক্তি আৰু আটাইতকৈ ডাঙৰ চিয়েৰ লীডাৰ বুলি উল্লেখ কৰিছে৷ পলাশে লিখিছে– একেবাৰে আৰম্ভণিৰ পৰাই তুমি মোৰ শান্তি আৰু উচ্ছ্বাস৷ মোৰ আটাইতকৈ ডাঙৰ চিয়েৰ লীডাৰ৷ তুমিয়েই মোক আটাইতকৈ বেছি অনুপ্রাণিত কৰা৷ খেলপথাৰৰ ভিতৰৰ আৰু বাহিৰৰ চাপৰ মাজতো কিদৰে আগুৱাই যাব লাগে, সেয়া তুমি মোক দেখুৱাইছা৷ শুভ জন্মদিন স্মৃতি৷ এই বার্তাৰ লগতে দিছে ভালপোৱাৰ ইমোজি৷

ইয়াৰ প্রত্যুত্তৰত প্রেমৰ ইমোজিৰে ধন্যবাদ জনাইছে তাৰকা ক্রিকেটাৰগৰাকীয়ে৷ উল্লেখ্য যে যোৱা ২২ মে’ত স্মৃতিয়ে প্রথমবাৰ সামাজিক মাধ্যমত পলাশৰ সৈতে ছবি দিছিল৷ সেইদিনা আছিল পলাশৰ জন্মদিন৷ তেতিয়াই দুয়োকে লৈ অনুৰাগীৰ মাজত সৃষ্টি হৈছিল জল্পনা-কল্পনাৰ৷ অৱশেষত সেই জল্পনা–কল্পনাত একপ্রকাৰ ছীল–মোহৰ পৰিল৷ উল্লেখ্য যে সম্প্রতি ইংলেণ্ডত ক্রিকেট খেলাত ব্যস্ত স্মৃতি ৷

You might also like